NORTHEAST NOW (Assamese)

পেট্ৰ’ল ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ডিমৌত পেট্ৰলিয়াম মন্ত্ৰীৰ প্ৰতিকৃতি দাহ আছুৰ

May 23, 2018 2:36 pm · হিতোজ্বল চেতিয়া

দিনে দিনে পেট্ৰ’ল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি  ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিকৃতি দাহ কাৰ্যসূচী গ্ৰহণ কৰে।

আজি দুপৰীয়া ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সকলে ডিমৌ চাৰিআলিৰ মাজভাগত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দীপাংকৰ প্ৰতীম চেতিয়া, ডিমৌ আঞ্চলিকৰ উপদেষ্টা তথা শিৱসাগৰ জিলা ছাত্র সন্থাৰ কাৰ্য নিৰ্বাহক সদস্য তথা শিৱসাগৰ মহকুমাৰ শিক্ষা সম্পাদক আদিত‍্য শৰ্মা, ডিমৌ আঞ্চলিকৰ ভাৰপ্ৰাপ্ত সম্পাদক সুদীপ্ত গগৈৰ লগতে সমূহ ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য সকল।

ছাত্ৰ সন্থাৰ সদস্য সকলে প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

উক্ত কাৰ্যসূচীত প্ৰতিবাদী সংগঠনৰ সদস্য সকলে পেট্ৰ’ল ডিজেলৰ মূল‍্য শীঘ্ৰে হ্ৰাস কৰিবলৈ চৰকাৰক দাবী জনায়।

আনহাতে যান বাহন সমূহৰ ভাড়া বৃদ্ধি হ’ব বুলি জানিব পৰি চৰকাৰৰ এনে পদক্ষেপত সাধাৰণ ৰাইজৰ মূৰতহে মাধমাৰ পৰিব বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

Related News