NORTHEAST NOW (Assamese)
অসম

পেৰুমবাভুৰত অসমৰ ছয় বছৰীয়া কন্যা শিশুক ধৰ্ষণৰ ঘটনা

Posted by: এন ই নাও নিউজ April 18, 2018 5:11 pm
যৌন নিৰ্যাতন

মঙলবাৰে অসমৰ এগৰাকী ছয় বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰাৰ অভিযোগত তামিলনাড়ুৰ এজন শ্ৰমিকৰ বিৰুদ্ধে পেৰুমবাভুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে। টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।

যৌন অপৰাধৰ পৰা শিশুক প্ৰতিৰোধ আইনৰ অধীনত গোচৰটো ৰুজু কৰা হৈছে। আৰক্ষীৰ মতে কণমানিজনীয়ে তাইৰ ভায়েকৰ সৈতে টেলিভিশ্যনৰ কাৰ্যসূচী চাবলৈ যোৱা ৩১ মাৰ্চত শ্ৰমিকজনৰ ভাড়া ঘৰলৈ গৈছিল। কিন্তু অভিযুক্তই ভায়েকক ওচৰতে থকা পুখুৰীত মাছ মাৰিবলৈ পঠিয়াই অঁতৰাই ৰাখি সেই সময়তে ছোৱালীজনীক ধৰ্ষণ কৰে।

ধৰ্ষণৰ বলি হোৱা ছোৱালীজনীৰ পিতৃ-মাতৃ কালামেশ্বাৰী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকাৰ বাবে ছোৱালীজনী আৰু তেওঁৰ ভাতৃগৰাকী তেওঁলোকৰ পেহীয়েকৰ ঘৰত আছিল।

ছোৱালীজনীয়ে ঘটনাটো তাইৰ পেহীয়েকক জনাইছিল আৰু পেহীয়েকে ছোৱালীজনীৰ পিতৃ-মাতৃক বিষয়টো অৱগত কৰিছিল।

মঙলবাৰে ছোৱালীজনীৰ মাকে অভিযোগ লৈ আৰক্ষীৰ কাষ চাপে। আৰক্ষীুৱাহাটীয়ে জনাইছে যে অভিযুক্ত বৰ্তমান পলাতক হৈ আছে। আনহাতে, চাইল্ডলাইনৰ কৰ্মীসকলে ছোৱালীজনীৰ ভাষ্য গ্ৰহণ কৰিছে।