NORTHEAST NOW (Assamese)
Popular Stories

চলিত বছৰৰ জানুৱাৰীৰ পৰাই হ’ব প্ৰযোজ্য; কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে বৃদ্ধি মৰগীয়া বানচ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 25, 2023 9:17 am

কেন্দ্ৰীয় চৰকাৰে পেঞ্চনাৰ আৰু কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ (DA) আৰু ৪ শতাংশ বৃদ্ধি কৰিছে। চৰকাৰৰ অধীনত এক কোটিতকৈও অধিক কৰ্মচাৰীৰ বাবে মৰগীয়া বানচ বৃদ্ধি কৰা হৈছে। পেঞ্চনাৰসকলৰ বাবেও মহাৰ্ঘ ভাট্টা বৃদ্ধি কৰা হৈছে।

সপ্তম দৰমহা আয়োগত, এই বৃদ্ধিৰ জৰিয়তে মৰগীয়া বানচ ৩৮ শতাংশৰ পৰা ৪২ শতাংশ হৈছে। মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে কেন্দ্ৰীয় চৰকাৰে মৰগীয়া বানচ বৃদ্ধি কৰিবলৈ ১২,৮১৫ কোটি টকা ব্যয় কৰিছে।

লগতে পঢ়ক: বিজেপি বিলাস! ১০০ কোটি টকা ব্যয়েৰে মধ্য প্ৰদেশত নিৰ্মাণ কৰিব ১০ মহলীয়া দলীয় কাৰ্যালয়

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ নিম্নতম দৰমহা ১৮,০০০ টকাৰ পৰা ২৬,০০০ টকালৈ বৃদ্ধি হৈছে। এই বছৰৰ আৰম্ভণিৰ পৰা কৰ্মচাৰীসকলক বৰ্দ্ধিত মৰগীয়া বানচ দিয়া হ’ব বুলি জনোৱা হৈছে। ই প্ৰায় ৪৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৯ লাখ পেঞ্চনাৰক লাভান্বিত কৰিব।

ইয়াৰ পূৰ্বে, ২০২২ৰ ছেপ্টেম্বৰত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ বৃদ্ধি কৰা হৈছিল। যোৱা বছৰৰ আৰম্ভণিতে প্ৰযোজ্য হৈছিল।