NORTHEAST NOW (Assamese)
অৰুণাচল

প্ৰচণ্ড ধুমুহাত ইটানগৰত ব্যাপক ক্ষতি: বিদ্যুৎ সংযোগ ব্যাহত

Posted by: এন ই নাও নিউজ March 30, 2018 12:46 pm
thunderstorm

বৃহস্পতিবাৰে সন্ধিয়া অহা এজাক বিধ্বংসী ধুমুহাই জোকাৰি গ’ল অৰুণাচলৰ ৰাজধানী ইটানগৰক। ধুমুহা আৰু বিজুলী-ঢেৰেকণিৰ সৈতে অহা বৰষুণৰ ফলত ইটানগৰত কেইবাটাও গৃহ বিধ্বস্ত হোৱাৰ উপৰি আন বহু ঘৰৰ টিনপাত উৰুৱাই লৈ যায়।

উল্লেখযোগ্য যে ইটানগৰৰ বহু স্থানত এই বিধ্বংসী ধুমুহাৰ ফলত পথৰ কাষৰ বৈদ্যুতিক খুঁটা উভালি পৰে। ফলত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰিছে অঞ্চলটোত।

আনহাতে ইটানগৰৰ নিটি বিহাৰৰ বিভিন্ন ঠাইত ৰৈ থকা গাড়ীৰ ওপৰত বৈদ্যুতিক খুঁটা আৰু গছ উভালি পৰাৰ ফলত গাড়ী সমূহ ক্ষতিগ্ৰস্ত হোৱাৰ বাতৰি পোৱা গৈছে।

তদুপৰি ইটানগৰৰ লেগী কমপ্লেক্স, পাঞ্জাৱী ধাবা আদি ঠাইত গছ পৰাৰ বাবে ৰাজধানী চহৰখনৰ পথ অৱৰোধ হৈ পৰিছে।

অৱশ্যে এই ধুমুহাৰ ফলত কোনো লোক হতাহত হোৱা নাই বুলি সদৰী কৰিছে প্ৰশাসনীয় সূত্ৰই।

ইতিমধ্যে এই বিধ্বংসী ধুমুহাৰ পাছতে জিলা উপায়ুক্ত প্ৰিন্স ধাৱানে ক্ষতিগ্ৰস্থ অঞ্চলসমূহত ক্ষিপ্ৰ গতিৰে বিদ্যুৎ সংযোগ দিয়াৰ লগতে ক্ষয়- ক্ষতিৰ বুজ ল’বলৈ নিৰ্দেশ দিছে বিষয়া সকলক।

উল্লেখযোগ্য যে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে প্রশাসন সাজু আছে বুলি প্ৰকাশ কৰি উপায়ুক্ত গৰাকীয়ে বাৰিষাৰ সময়ছোৱাত ৰাইজক সজাগ আৰু সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনাইছে।