NORTHEAST NOW (Assamese)
অসম

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামণৰ নাগালেণ্ড ভ্ৰমণ বাতিল

Posted by: এন ই নাও নিউজ May 20, 2018 7:19 pm
Chabua-Union-Defense-Minister-Niemala-Sitharaman

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামণ ( Nirmala Sitharaman )এ ২০ মে’ৰ নাগালেণ্ড ভ্ৰমণ বাতিল কৰিছে। ৰাজ্যখনৰ ম্যানমাৰৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আজি নাগালেণ্ড ভ্ৰমণ কৰাৰ কথা আছিল।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কি কাৰণত ভ্ৰমণ বাতিল কৰিলে জানিব পৰা হোৱা নাই।

পৰিদৰ্শন কালত ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল অভয় কৃষ্ণাই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সংগ দিয়াৰ কথা আছিল।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লৈ থকা কৃষ্ণা ইতিমধ্যে আহি ডিমাপুৰত উপস্থিত হৈছিল।