NORTHEAST NOW (Assamese)
অসম

প্ৰশিক্ষণপ্ৰাপ্ত অনুসূচিত জাতি-জনজাতিৰ মহিলাসকলৰ মাজত চিলাই মেচিন বিতৰণ

Posted by: হিতোজ্জ্বল চেতিয়া March 16, 2018 2:45 pm
weaving machine
শিৱসাগৰ জিলাৰ অনুসূচিত জাতি-জনজাতিৰ মহিলাসকলক আত্মসংস্থাপনৰ সামান্য বাট দেখুওৱা আৰু তাৰ বাবে সহায় কৰাৰ মানসেৰে শিৱসাগৰ জিলা জনজাতি মহিলা সমিতিৰ উদ্যোগত আৰু অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সংস্থাৰ সংযোজিত বিশেষ আঁচনিৰ অধীনত থাওৰা বিধান সভা সমষ্টিৰ নিতাই পানীদিহিং মৌজাৰ ৭০গৰাকী মহিলাক চিলাই মেচিন দিয়া হয়। ১৫ মাৰ্চত কটিয়ৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্রাংগণত এই চিলাই মেচিনসমূহ বিতৰণ কৰা হয়।
চিলাই মেচিন বিতৰণ অনুষ্ঠানটোত তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ সদৌ ভাৰত অনুসূচিত জাতি-জনজাতি কৰ্মচাৰী কল্যাণ সন্থাৰ সভাপতি পোনাৰাম মিলিয়ে সভাপতিত্ব কৰে। অনুষ্ঠানটোৰ আঁত ধৰে AESCSTEWA, CWC ONGCৰ সদস্য ডেম্বিৰাম পাংগিঙে। সভাখনত  মুখ্য অতিথি হিচাপে উপস্থিত থাকে ONGC ৰ চিভিলৰ মহাপ্ৰবন্ধক সুনীল সিং।
এইসকলৰ উপৰি অনুষ্ঠানটোত অ’ এন জি চিৰ জনসংযোগ বিষয়া সাত্যকি পাল, সহায়ক দীপাংকৰ শইকীয়াকে ধৰি AESCSTEWA, CWC ONGC ৰ সদস্য ধীৰাজ পাংগিং, দীপেশ্বৰ বড়ি, দীপক টায়ে, ষড়ানন টায়ে আৰু শিৱসাগৰ জিলাৰ জনজাতি মহিলা সমিতিৰ সভানেত্ৰী গীতা দেউৰী,  উপ-সভানেত্ৰী বিদ‍্যা পাতিৰি, সহকাৰী সম্পাদিকা ইলা প্ৰভা দেউৰীকে ধৰি ভালেসংখ‍্যক গণ‍্য-মান‍্য ব‍্যক্তি উপস্থিত থাকি এই প্ৰশিক্ষণপ্ৰাপ্ত মহিলাসকলক একোটাকৈ চিলাই মেচিন বিতৰণ কৰে।