NORTHEAST NOW (Assamese)
অসম

প্ৰশিক্ষণ আৰু নিয়োজনৰ বাবে ৫০ গৰাকী শিক্ষাৰ্থীক জাপানলৈ প্ৰেৰণ কৰিলে মিজোৰাম চৰকাৰে

Posted by: এন ই নাও নিউজ March 31, 2018 3:45 pm
mizo students

মেঘালয়ৰ এগৰাকী মন্ত্ৰীয়ে কৈছে যে ‘শিকা আৰু উপাৰ্জন কৰা কাৰ্যক্ৰমৰ (Learn and Earn programme) অধীনত প্ৰশিক্ষণ লোৱা আৰু নিয়োজিত হোৱাৰ বাবে যোৱা দুটা বছৰত মিজোৰামে ৫০ গৰাকী শিক্ষাৰ্থীক জাপানলৈ প্ৰেৰণ কৰিছে।

মিজোৰামৰ বিধানসভাত শ্ৰম, নিয়োগ, দক্ষতা বিকাশ আৰু ঔদ্যোগিক মন্ত্ৰী পু এইচ ৰহলুনাই কৈছে যে প্ৰথম চামত ২০১৫ চনৰ ডিচেম্বৰত ১৬ জৰাকী শিক্ষাৰ্থীক জাপানলৈ পঠোৱা হৈছিল। তেওঁলোকক নাগাছাকি আৰু ছাছেবোত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

৩৪জনীয়া দ্বিতীয়টো চাম শিক্ষাৰ্থী ২০১৬ চনত নাগাছাকিলৈ প্ৰেৰণ কৰা হৈছিল। ৰাজ্য চৰকাৰে প্ৰথমটো চামক ১৬৫ লাখ আৰু দ্বিতীয়টো চামক ৪৪২ টকা প্ৰদান কৰিছিল।