NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত বন বিভাগৰ নিখোজ নাও বিচাৰিবলৈ গৈ বনকৰ্মীৰ সলিল সমাধি

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ August 31, 2022 5:27 pm

কলিয়াবৰৰ বানেশ্বৰত বনকৰ্মীৰ সলিল সমাধি। ব্ৰহ্মপুত্ৰত ডুবি মৃত্যু ঘটিছে কাজিৰঙাৰ এজন বনকৰ্মীক।

নিহত বনকৰ্মীজনৰ নাম মফি আলি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ বানেশ্বৰ বন শিবিৰত কৰ্মৰত আছিল বন কৰ্মীজন।

নিহত মফি আলিৰ ঘৰ কলিয়াবৰৰ বৰদলঙত। বন বিভাগৰ এখন নাও ব্ৰহ্মপুত্ৰত নিখোজ হোৱাত নাও খন বিচাৰি পানীত নামিছিল বনকৰ্মীজন। তাতে তেওঁৰ সলিল সমাধি ঘটে।

পিছত বন বিভাগ আৰু জখলাবন্ধা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।আনহাতে ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।