NORTHEAST NOW (Assamese)
অসম

পৰিচালকৰ দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত আটছাই ঘেৰাও কৰিলে বৰবাম চাহ বাগিচাৰ মুখ্য কাৰ্যালয়

Posted by: ৰাজিৱ দত্ত February 13, 2018 10:25 pm
AATTSA protest in front of Borbam TE H.O

বৰবাম চাহ বাগিচাৰ পৰিচালকে কৰা দুৰ্ব্যৱহাৰৰ প্ৰতিবাদত সোমবাৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ৰ বৰবাম আঞ্চলিক গোটে শিৱসাগৰ জিলাৰ আমগুৰি বৰবাম স্থিত বাগিচাখনৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে।

প্ৰাপ্ত তথ্য মতে চাহ বাগিচা কৰ্তৃপক্ষই বিদ্যুৎৰ মাচুল আদায় নকৰাৰ ফলত এপিডিচিএলৰ অন্তৰ্গত আমগুৰি বিদ্যুৎ খণ্ডই বাগিচাখনৰ লগতে শ্ৰমিক সকলৰ ঘৰৰ বিদ্যুৎ সংযোগ বন্ধ কৰি দিছে। ফলত বাগিচাখনত থকা আগন্তুক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকৰ প্ৰাৰ্থী সকলক যথেষ্ট অসুবিধাৰ সন্মোখীন হৈছে।

বাগিচাখনৰ পৰিচালক গৰাকীক লগ ধৰি এই কথা জনোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাতে বিদ্যুৎৰ সংযোগ পুনৰ স্থাপন কৰি দিয়ে তাৰ বাবে আহ্বান জনাবলৈ যোৱা আটছাৰ দলটোক পৰিচালক গৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে।

পৰিচালক গৰাকীৰ এনে আচৰণত ক্ষুব্ধ হৈ পৰা সংগঠনটোৰ কৰ্মীসকলে স্থানীয় লোকৰ সহযোগত সোমবাৰে বাগিচাখনৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰে।

অৱশ্যে আবেলি আমগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌচমি চেতিয়াৰ উপস্থিতিত আমগুৰি ৰাজহ চক্ৰৰ কাৰ্যালয়ত আটছাৰ কৰ্মী আৰু বাগিচাখনৰ পৰিচালকৰ মাজত মিলামিচা কৰা হয়।

আলোচনাত পৰিচালক গৰাকীয়ে ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত শ্ৰমিক সকলৰ ঘৰলৈ বিদ্যুৎ সংযোগ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতে আটছাই তেওঁলোকৰ প্ৰতিবাদ উঠাই লয়।