NORTHEAST NOW (Assamese)
অসম

টাইম মেগাজিনৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত প্ৰধানমন্ত্ৰী মোডী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 23, 2020 2:25 pm
mod

বিশ্ব বিখ্যাত আলোচনী টাইম মেগাজিনে প্ৰকাশ কৰা বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

টাইম মেগাজিনে প্ৰকাশ কৰা তালিকাত দিল্লীৰ শ্বাহিন বাগৰ কা বিৰোধী আন্দোলনত ভাগ লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা বিলকিছ বানুৰ লগতে গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিছাইৰ নামো অন্তৰ্ভূক্ত হৈছে।

তালিকাত চীনৰ প্ৰধানমন্ত্ৰী জি ঝিংপিঙৰ নামো অন্তৰ্ভূক্ত হৈছে। উল্লেখ্য নৰেন্দ্ৰ মোডীয়ে শেহতীয়াকৈ ভাৰতৰ সৈতে বিশ্বৰ আন বহু দেশৰ সম্পৰ্ক মজবুত কৰি তোলাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে।

কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰৰ লগতে আন ভালেমান উল্লেখযোগ্য কাম কৰি বিশ্ব সম্প্ৰদায়ৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছে।

সেইবাবেই বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডীৰ নাম সন্নিবিষ্ট হোৱা বুলি ধাৰণা কৰা হৈছে।

একেদৰে টাইম মেগাজিনৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত স্থান লাভ কৰিছে ভাৰতৰ বিলকিছ বানুয়েও।

এইগৰাকী ৮২ বছৰীয়া মহিলাই বয়সকো নেওঁচি কাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ ঘৰৰ পৰা খোজকাঢ়ি আহি বহুতকে উৎসাহিত কৰিছিল।

তালিকাত স্থান লাভ কৰা ১০০ গৰাকী প্ৰভাৱশালী লোকৰ ভিতৰত ৫৪ গৰাকীয়েই হৈছে মহিলা।

টাইম মেগাজিনৰ তালিকাত স্থান লাভ কৰিছে অভিনেতা আয়ূষ্মান খুৰানায়ো।