NORTHEAST NOW (Assamese)
Popular Stories

সুশান্ত সিং ৰাজপুতৰ মৃত্যু : বলিউদৰ অভিনেতা অৰ্জুন ৰামপালৰ আফ্ৰিকান প্ৰেয়সীৰ ভাতৃক গ্ৰেপ্তাৰ NCBৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 19, 2020 6:22 pm
arjun-rampal-wishes-girlfriend-gabriella-demtriades-on-her-birthday-its-adorable-001

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে ড্ৰাগছ সংযোগৰ তদন্তত অন্য এক অগ্ৰগতি লাভ কৰিছে নাৰ্ক’টিকছ কন্ট্ৰ’ল ব্যুৰ’(NCB)এ।

দেওবাৰে NCB-এ এই সংক্ৰান্তত বলিউদৰ অভিনেতা অৰ্জুন ৰামপালৰ দক্ষিণ আফ্ৰিকান প্ৰেয়সী গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছৰ ভাতৃক গ্ৰেপ্তাৰ কৰিছে।

NCBএ গেব্ৰিয়েলাৰ ভাতৃ তথা দক্ষিণ আফ্ৰিকান নাগৰিক অ’ঘিছিল’ছ ডেমেট্ৰিয়াডেছক সুশান্তৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত ড্ৰাগছৰ সৰবৰাহকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

অভিযুক্ত ডেমেট্ৰিয়াডেছক আদালাত হাজিৰ কৰোৱায় NCBএৰ নিজৰ জিম্মাত লোৱাৰ কথা।

উল্লেখ্য যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুক মুম্বাই আৰক্ষীয়ে আত্মহত্যা বুলি অভিহিত কৰাৰ পিছতো ইয়াৰ বিৰুদ্ধে দেশজুৰি উঠা প্ৰৱল জনমতৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ইয়াৰ তদন্তৰ ভাৰ চিবিআইক অপৰ্ণ কৰিছিল।

চিবিআই-এ তদন্ত আৰম্ভ কৰাৰ পিছতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে নিষিদ্ধ ঘোষিত ড্ৰাগছ সংযোগৰ তথ্য লাভ কৰে তদন্তকাৰী সংস্থাই।

ইয়াৰ পিছতে বলিউদৰ এই ড্ৰাগছ কাণ্ডৰ তদন্ত আৰম্ভ কৰে NCB-এ। ইতিমধ্যে NCB-এ এই সংক্ৰান্তত সুশান্ত সিং ৰাজপুতৰ প্ৰেয়সী ৰীয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃসহ কেবাজনকো গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন হাউছ মেনেজাৰজনো আছে।

২৮ দিন কাৰাৰুদ্ধ হৈ থকাৰ পিছত ৰীয়া চক্ৰৱৰ্তীক বুম্বে আদালতে চৰ্ত সাপেক্ষে জামিনত মুক্তি দিয়ে।

ইফালে ড্ৰাগছ সংক্ৰান্তীয় তদন্তৰ বাবে বলিউদৰ অভিনেত্ৰী দীপিকা পাড়ুকন, শ্ৰদ্ধা কাপুৰ, ৰাকুল প্ৰীত সিং, ছাৰা আলী খানকে আদি কৰি বহুতকে NCB-এ জেৰা চলাই আছে।