NORTHEAST NOW (Assamese)
অসম

টীয়কত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিৰ্বাচনত অনিয়মৰ অভিযোগ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক October 19, 2020 5:41 pm

যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কলীয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪ নং বামুনপুখুৰী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাজপথলৈ ওলাই আহিছে একাংশ ক্ষুভিত মহিলা।

ক্ষুভিত মহিলাসকলে কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত পঞ্চায়ত সভানেত্ৰী গৰাকীৰ লগতে স্থানীয় ৱাৰ্ডমেম্বাৰ গৰাকীয়ে বিজেপি দলত যোগদান কৰাৰ যো-জা চলোৱা বুলি  অভিযোগ কৰি অৰুণোদয় আঁচনিৰ সুবিধা বিজেপি সদস্য সকলক প্ৰদান কৰা বুলি উত্থাপন কৰিছে অভিযোগ।

পঞ্চায়তখনত অৱসৰপ্ৰাপ্ত চাকৰিয়াল, বিজেপি নেতা, ধনী পৰিয়ালৰ মহিলাক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত স্থান দিয়া হৈছে বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰী মহিলাসকলে।

সেয়ে প্ৰতিবাদকাৰী সকলে প্ৰকৃত হিতাধীকাৰী যাতে এই আঁচনিত অন্তৰ্ভুক্ত হ’ব পাৰে তাৰ বাবে গাঁওবুঢ়াৰ যোগেদি পুনৰ এক বাচনি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী জনাইছে।