NORTHEAST NOW (Assamese)
অসম

যদি ঢলপুৰৰ উচ্ছেদিত লোক “অবৈধ” বেদখলকাৰী তেন্তে মুখ্যমন্ত্ৰীয়ে ৬ বিঘা মাটি প্ৰদানৰ যুক্তি ক’ত?

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী September 27, 2021 6:14 am

বেদখলকাৰীক ৬ বিঘা ভূমি আবন্টনৰ বিৰোধিতা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ।

বেদখলকাৰীক মুখ্যমন্ত্ৰীয়ে ৬ বিঘা ভূমি আৱন্টন দিয়াৰ যুক্তি ক’ত? উচ্ছেদৰ সময়ত ১১ গৰাকী আৰক্ষী লোকক আহত কৰা আইন ভংগকাৰীক পুৰস্কৃত কৰিব নেকি মুখ্যমন্ত্ৰীয়ে? হাজৰিকাৰ প্ৰশ্ন।

উপমন্যু হাজৰিকাৰ মতে “খিলঞ্জীয়া লোকৰ ভূমি সংৰক্ষিত থাকিলে বাংলাদেশীমূলৰ লোকে ভূমি বেদখল কৰিবলৈ সাহস নাথাকিব। ভোটৰ প্ৰলোভনত বাংলাদেশীমূলৰ লোকক অসন্তুষ্ট কৰিব নোখোজে ৰাজনৈতিক দলে।”

উপমন্যু হাজৰিকাই লগতে কয়, “খিলঞ্জীয়াৰ অস্তিত্ব বজাই ৰাখিবলৈ  ভূমি, চাকৰি, বণিজ্যিক ব্যৱস্থা, সম্পদ আদিৰ আইনগত সংৰক্ষণৰ বিকল্প নাই, যি ইতিমধ্যে অসম চুক্তিৰ  ৬ নং দফা কমিটিয়ে প্ৰতিবেদনত চৰকাৰক প্ৰস্তাৱ দিছে। এনে আইন ব্যৱস্থা হলে মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো বেদখলকাৰীক ৬ বিঘা কৈ ভূমি আবণ্টন দিব নোৱাৰিব।”