NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আজি কোভিড আক্ৰান্ত লোকৰ সংখ্যা কিমান, এতিয়ালৈকে মুঠ কিমান লোকৰ মৃত্যু ঘটিল?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী September 26, 2021 9:02 pm

অসমত আজিৰ দিনটোতো কোভিডত আক্ৰান্ত লোকৰ সংখ্যা ১ শতাংশৰ তলতে আছে।

ক্ৰমাৎ হ্ৰাস পাই আহিছে ক’ভিড ৰোগীৰ সংখ্যাও।

আজি ৰাজ্যত সৰ্বমুঠ ২৫,১৬৭ টা ক’ভিড পৰীক্ষা সম্পন্ন কৰা হয় আৰু ইয়াৰে ১৯৬ গৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড সংক্ৰমণ ধৰা পৰিছে।

ইমানৰ পিছতো অৱশ্যে ক’ভিড সংক্ৰমণৰ হাৰ আজিও ১ শতাংশৰ তলতেই আছে।

কামৰূপ মেট্ৰ’ত আজি ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা কিছু কমিছে। কামৰূপ মেট্ৰ’ত আজি ক’ভিডত আক্ৰান্ত হৈছে ৮১ গৰাকী লোক।

আজি ৰাজ্যত ৫ জন ব্যক্তিৰ ক’ভিড সংক্ৰমণৰ ফলত মৃত্যু হয়।

কালিলৈকে অসমত কোভিডে প্ৰাণ কাঢ়ি নিয়া মুঠ লোকৰ সংখ্যা আছিল ৫,৮৩৮ গৰাকী। ইয়াৰ সৈতে আজি পুনৰ ৫ গৰাকী লোকৰ সংখ্যা যোগ হ’ল।

ৰাজ্যত ক’ভিডত সুস্থ হোৱা ৰোগীৰ শতাংশ হাৰ আজি হৈছে ৯৮.২৭ ।

আনহাতে আক্ৰান্তৰ শতাংশ হাৰ হৈছে ০.৭৮।

অসমত বৰ্তমান ক’ভিড বিধি বহুখিনি শিথিল কৰা হৈছে।

অৱশ্যে তাৰ পিছতো জনসাধাৰণক ক’ভিড সংক্ৰান্তীয় বাধ্য-বাধকতা মানি চলিবলৈ আহ্বান জনাইছে ৰাজ্য প্ৰশাসনে।