NORTHEAST NOW (Assamese)
অসম

ৰাৱাটৰ স্থলাভিষিক্ত হোৱাৰ দৌৰত পৰৱৰ্তী উপ-সেনাধ্যক্ষ নাৰাৱানে

Posted by: সুবীৰ ভৌমিক Updated by: সুবীৰ ভৌমিক July 23, 2019 12:14 pm
army-vice-chief-1140x570

লেফটেনেন্ট জেনেৰেল এম এম নাৰাৱানে ১.৩ মিলিয়ন সংখ্যাৰে শক্তিশালী ভাৰতীয় সেনাৰ পৰৱৰ্তী উপ-সেনাধ্যক্ষ হিচাপে লেফটেনেন্ট জেনেৰেল ডি আনবুৰ পৰা অহা ৩১ আগষ্টত দায়িত্বভাৰ গ্ৰহণ কৰিব।

বৰ্তমান ইষ্টাৰ্ণ কামাণ্ডৰ মুৰব্বী লেফটেনেন্ট জেনেৰেল নাৰাৱানে অহা ৩০ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিবলগীয়া মুখ্য সেনাধ্যক্ষ বিপিন ৰাৱাটৰ পাছতে বাহিনীটোৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া।

সেনাধ্যক্ষ ৰাৱাটৰ উত্তৰসূৰী হিচাপে তেওঁ হৈছে অন্যতম পছন্দ। এইক্ষেত্ৰত তেওঁৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী হৈছে বৰ্তমান নৰ্দাৰ্ণ আৰ্মিৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল ৰণবীৰ সিং। সিঙ ২০১৬ চনৰ পাকিস্তান অধিকৃত কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত চলোৱা সামৰিক অভিযান ‘চাৰ্জিকেল ষ্ট্ৰাইক’ৰ সময়ছোৱাত সঞ্চালক প্ৰধান আছিল।

চৰকাৰে জেনেৰেল ৰাৱাটক মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ সময়ত অৱশ্যে জ্যেষ্ঠতাৰ নীতিক অনুসৰণ কৰা নাছিল।

ইষ্টাৰ্ণ আৰ্মিৰ কামাণ্ডাৰ লেফটেনেন্ট জেনেৰেল প্ৰবীম বক্সীকে ধৰি কেইবাগৰাকীও তেওঁতকৈ জ্যেষ্ঠ লেফটেনেন্ট জেনেৰেলক বঞ্চিত কৰা হৈছিল।

সেনাই বৰ্তমান সময়ত অতিকৈ জড়িত হৈ ভূমিকা পালন কৰিবলগীয়া সন্ত্ৰাস বিৰোধী বিষয়ত অধিক অভিজ্ঞতা তথা পাৰদৰ্শিতা থকাৰ দোহাই দি ৰাৱাটক শীৰ্ষ অভিজ্ঞ বিষয়া বক্সীতকৈ অগ্ৰাধিকাৰ দিয়া হৈছিল।

কিন্তু বহু প্ৰসিদ্ধ ব্যক্তিয়ে মত পোষণ কৰিছিল যে সন্ত্ৰাস বিৰোধী মোকাবিলা কৰাটো সেনাৰ মূল ভূমিকা নহয় আৰু ই স্থিতি সলনি কৰি থকা চীন আৰু পাকিস্তানৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে দেশৰ সীমান্ত প্ৰতিৰক্ষাৰ কামত শক্তিশালীভাৱে দৃষ্টি দিয়া উচিত।

লেফটেনেন্ট জেনেৰেল নাৰাৱানেৰ নেতৃত্বত ভাৰতীয় সেনাই ম্যানমাৰ সেনাৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলত সক্ৰিয় হৈ থকা উগ্ৰপন্থী গোটবোৰক উৎখাত কৰাৰ বাবে যৌথ অভিযান চলাইছিল।

সামৰিক অভিযানৰ সঞ্চালক প্ৰধান হিচাপে নিযুক্ত হৈ থকা লেফটেনেন্ট জেনেৰেল অনিল চৌহানে তেওঁৰ পদত স্থলাভিষিক্ত হ’ব।

সেনাৰ কামাণ্ডাৰ পৰ্যায়ত সলনি ঘটিবলগীয়া সকলৰ ভিতৰত আছে ছাউথ-ৱেষ্টাৰ্ণ কামাণ্ডৰ লেফটেনেন্ট জেনেৰেল এ এছ ক্লেৰ, চেন্ট্ৰেল কামাণ্ডৰ লেফটেনেন্ট জেনেৰেল আই এছ ঘুমন আৰু ভাৰতৰ নৰ্দাৰ্ণ আৰ্মিৰ সৈতে পাকিস্তানী সেনাৰ মুখামুখি হ’বলগীয়া গুৰুত্বপূৰ্ণ ৱেষ্টাৰ্ণ কামাণ্ডৰ লেফটেনেন্ট জেনেৰেল আৰ পি সিং।