NORTHEAST NOW (Assamese)
অসম

বাংলাদেশী সীমান্ত বাহিনী সোমাই আহিল মুক্তাপুৰ গাঁৱলৈ, দি গ’ল ধমক; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2019 10:56 am
d2

বৰ্ডাৰ গাৰ্ডছ বাংলাদেশ (বি জি বি)ৰ সশস্ত্ৰ বিষয়াৰ দলে মেঘালয়ৰ মুক্তাপুৰ গাঁৱত প্ৰৱেশ কৰি ভিতৰুৱা পথ এটাৰ নিৰ্মাণৰ কাম বন্ধ কৰিবলৈ ভাবুকি দিয়ে।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি সোমবাৰে গাঁৱবাসীয়ে এইকথা জানিবলৈ দিয়ে।

এনেদেৰে বাংলাদেশী সীমান্ত বাহিনীৰ দলটোৱে শনিবাৰে গাঁৱখনত প্ৰৱেশ কৰি গাঁৱবাসীক ভাবুকি প্ৰদান কৰাৰ পাছত মুক্তাপুৰ গাঁৱৰ বাসিন্দাসকল শংকিত হৈ পৰিছে।

ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) শীৰ্ষ বিষয়াই বাহিনীৰ তাত থকা বি,য়াৰ পৰা বিতং তথ্য জানিব বিচাৰিছে। অৱশ্যে, সীমান্ত অঞ্চলটোত বৰ্তমান পৰিস্থিতি স্বাভাৱিক বুলি কোৱা হৈছে।

মুক্তাপুৰ গাঁও পৰিষদে নিৰ্মাণ কৰিবলৈ লোৱা আভ্যন্তৰীণ পথ এটাৰ কাম বাংলাদেশৰ সীমান্ত বাহিনীয়ে দেশখনত প্রৱেশ কৰি কেনেকৈ বন্ধ কৰিবলৈ ভাবুকি দিব পাৰে তাক লৈ স্থানীয় লোকসকল আচৰিত হৈ পৰিছে।

এগৰাকী গাঁওবাসীয়ে আনকি বাংলাদেশী সীমান্ত বাহিনীয়ে ভাৰতৰ গাঁৱখনত সোমাই ভাবুকি দিয়া সময়ত বিএছএফৰ বিষয়াসকলে মুক দৰ্শক হৈ থকা বুলিও অভিযোগ কৰে।

বিএছএফৰ শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত কোৱা হৈছে, ‘’তেওঁলোকে (বি জি বি) জিৰ’ লাইনৰ ১৫০ গজৰ ভিতৰত এটা পথ নিৰ্মাণৰ পৰা গাঁৱবাসীক বাধা দিব বিচাৰিছিল।‘’

বিএছএফৰ শীৰ্ষ বিষয়াগৰাকীয়ে মেঘালয়ত বাংলাদেশৰ সীমান্তৰ সৈতে থকা সীমান্ত চকী সতৰ্ক থকা বুলি উল্লেখ কৰি বাংলাদেশ সীমান্ত বাহিনীৰ অনুপ্ৰৱেশৰ কোনো সুৰুঙা নাই বুলি মন্তব্য কৰে।

আনহাতে, মুক্তাপুৰ গাঁৱবাসীয়ে বাংলাদেশী সীমান্ত বাহিনীয়ে নিশাৰ ভাগত অনুপ্ৰৱেশ কৰি তেওঁলোকক হাৰাশাস্তি কৰাৰ আশংকা প্ৰকাশ কৰে।

গাঁৱবাসীয়ে বাংলাদেশ সীমান্ত বাহিনীয়ে অনুপ্ৰৱেশ কৰাৰ পাছৰে আৰু বিএছএপে গ্ৰহণ কৰা নীৰৱ ভূমিকাৰ বাবে শংকিত হৈ আছে। সীমান্তবাসী গাঁৱখনৰ বাসিন্দাসকলে বাংলাদেশ ৰাইফলছে কেনেকৈ পিৰদিয়াহত প্ৰৱেশ কৰি কেইদিন ধৰি গাঁৱবাসীক আৱদ্ধ কৰি ৰাখিছিল সেইকথা ভালকৈ মনত ৰাখিছে।

মুক্তাপুৰ পিৰদিয়াহ গাঁৱৰ পৰা প্ৰায় ২০ কিলোমিটাৰ আঁতৰত অৱস্থিত। ২০০১ চনত বিডিআৰে কেইদিনৰ বাবে পিৰদিয়াহ দখল কৰি সেয়া বাংলাদেশৰ অংশ বুলি দাবী কৰিছিল।