NORTHEAST NOW (Assamese)
অসম

অভব্য আচৰণ! ‘মিছেছ ৱৰ্ল্ড শ্ৰীলংকা’ ক্যাৰোলিন জুৰিক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 8:55 am
Miss world sri lanka

‘মিছেছ শ্ৰীলংকা’ খিতাপ অৰ্জন কৰা সুন্দৰী পুষ্পিকা ডি ছিলভাৰ সৈতে অভব্য আচৰণ কৰাৰ বাবে দুবছৰ পূৰ্বৰ বিজয়ী ক্যাৰোলিন জুৰিক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

শ্ৰীলংকাৰ আটাইতকৈ বৃহৎ সুন্দৰী প্ৰতিযোগিতাখনত ২০১৯চনৰ বিজয়ী আছিল ক্যাৰোলিন।

বৃহস্পতিবাৰে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি ক্যাৰোলিন জুৰি আৰু ঘটনাৰ সৈতে জড়িত থকা আন এগৰাকী মডেল চোলা পদ্মেন্দ্ৰকো গ্ৰেপ্তাৰ কৰা হৈছে।

তেওঁলোকৰ বিৰুদ্ধে দেওবাৰে পুৰষ্কাৰ বিতৰণী অনুষ্ঠানৰ মঞ্চত ভুক্তভোগী পুষ্পিকা ডি ছিলভাক আঘাত কৰা তথা অপৰাধমূলক আচৰণ অভিযোগ অনা হৈছে।

দেওবাৰে কলম্বোৰ এটা হলত অনুষ্ঠিত ‘মিছেছ শ্ৰীলংকা’ৰ চূড়ান্ত অনুষ্ঠানত পুষ্পিকা ডি ছিলভাক ২০২১চনৰ বিজয়ী ঘোষণা কৰা হয়।

উক্ত ঘোষণাৰ কেইটামান মুহূৰ্তৰ পাছতে ২০১৯চনৰ বিজয়ী ক্যাৰোলিন জুৰিয়ে তেওঁৰ মুকুটটো আজুৰি নিয়ে।

হঠাতে এনেদৰে জোৰকৈ মুকুটটো টানি আজুৰি নিয়াৰ বাবে  পুষ্পিকা ডি ছিলভাই মূৰত আঘাত পাইছিল।