NORTHEAST NOW (Assamese)
অসম

ভালকৈয়ে খেতিত ধৰিছে ধোনীয়ে; অকল ষ্ট্ৰবেৰী বিক্ৰী কৰিয়েই পালে ৩০ লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 9, 2021 9:49 am
Dhoni in his Farm

আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া ভালকৈয়ে খেতিত ধৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে।

ধোনীৰ পামত এতিয়া শাক-পাচলিৰ লগতে ফলৰ খেতিও কৰা দেখা গৈছে।

ৰাঁচীত শাক-পাচলিৰ লগতে ফলৰ প্ৰচুৰ চাহিদা থকালৈ চাই ধোনীয়ে সম্পূৰ্ণ মনযোগেৰে কৃষিকাৰ্যত নামি পৰিছে আৰু সফলতাও লাভ কৰিছে।

এইবছৰ ধোনীৰ কৃষি পামত ১০টন ষ্ট্ৰবেৰী উৎপাদন হৈছে। ধোনীয়ে এই ষ্ট্ৰবেৰী বিক্ৰী কৰি প্ৰায় ৩০লাখ টকা আয় কৰা বুলি বাতৰি ওলাইছে।

কিন্তু অকল ষ্ট্ৰবেৰীয়েই নহয়, ধোনীৰ কৃষি পামত তৰমুজ আৰু ফলৰো খেতি কৰা হৈছে। প্ৰতিদিনে ৩০০কিলোগ্ৰাম তৰমুজ বজাৰত উলিয়াই দিয়া হৈছে বুলি কোৱা হৈছে।

৪৩একৰ ভূমিৰ বিশাল পামখনত ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণ জৈৱিক পদ্ধতিত শাক-পাচলি আৰু ফলৰ খেতি কৰিছে ধোনীয়ে।

ধোনীয়ে তেওঁৰ পামৰ এক একৰ মাটিত কেপছিকামৰ খেতিও কৰিছে। ধোনীৰ পামৰ উৎপাদিত সামগ্ৰীৰ বজাৰত চাহিদাও সুকীয়া।

জানিব পৰা মতে, ধোনীৰ পামৰ পাচলি বজাৰ পোৱাৰ লগে লগেই সাং হৈ যায়। কেবল তৰমুজ বা ষ্ট্ৰবেৰীয়েই নহয়, পূৰ্বে ধোনীৰ পামৰ বন্ধাকবি, বিলাহী, আলু, পিঁয়াজ, ব্ৰকলি, কোমোৰা, কঁঠাল, অমিতাও বজাৰত প্ৰচুৰ বিক্ৰী হৈছে।

বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ ধোনীয়ে অচিৰেই শ্ৰেষ্ঠ কৃষকৰ পুৰষ্কাৰো লাভ কৰাৰ সম্ভাৱনা দেখা গৈছে।