NORTHEAST NOW (Assamese)
Popular Stories

৩৫ গৰাকী মহিলাৰে সম্পৰ্ক আছে স্বামীৰ কিন্তু আক্ষেপ নাই পত্নীৰ : কি ৰহস্য আছে এই সুখী জীৱনৰ আঁৰত?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী May 16, 2024 8:45 pm

বিবাহত সুখী হোৱাৰ উপায় কি? শেহতীয়াকৈ অষ্ট্ৰেলিয়াত বাস কৰা এগৰাকী মহিলাই সামাজিক মাধ্যমত ব্যক্ত কৰিলে সুখী দাম্পত্য জীৱনৰ এক অদ্ভুত উপায়।

মহিলাগৰাকীয়ে দাবী কৰিছে যে যোৱা কেইবছৰমানৰ ভিতৰত তেওঁ নিজৰ স্বামীক আন ৩৫ গৰাকী মহিলাৰ সৈতে ভগাই লৈছে। সেইবাবেই তেওঁলোকৰ দাম্পত্য জীৱন সুখী।

হানি ব্ৰুকছ নামৰ মহিলাগৰাকীয়ে ইনষ্টাগ্ৰামত দাবী কৰিছে যে তেওঁলোকৰ শোৱা কোঠাত আন মহিলাসকলে কেৱল স্বামীৰ ইচ্ছামতে নহয়, তেওঁৰো ইচ্ছামতে প্ৰৱেশ কৰিছিল। স্বামীৰ সৈতে একেটা কোঠাতে আন এগৰাকী মহিলাই নৈশ যাপন কৰিলে তেওঁৰ কোনো সমস্যা নাই।

হানিয়ে কয়, “আমাৰ বিয়াৰ পিছত বহুতে কৈছিল যে আমাৰ সম্পৰ্ক বেছি দিন নাথাকিব। আমাক দেখি সুখী যেন নালাগে। আগতে এই কথাবোৰ শুনি বেয়া পাইছিলোঁ। মই মুক্ত বৈবাহিক ধাৰণাটোত বিশ্বাস কৰোঁ। মোৰ বাহিৰেও আন মহিলাৰ লগত স্বামীয়ে যৌন সম্পৰ্ক স্থাপন কৰিব পাৰে।”

এই মুক্ত ধাৰণাৰ অনুশীলনেই তেওঁলোকৰ সম্পৰ্কক টিকাই ৰাখিছে বুলি ভাবে মহিলাগৰাকীয়ে।

তেওঁ কয়, ‘‘মোৰ মোৰ প্ৰস্তাৱ আৰম্ভণিতেই মানি লৈছিল। আমি বিশ্বাস কৰোঁ যে সুখী হোৱাটোৱেই আচল কথা। সম্পৰ্কত ইজনে সিজনক প্ৰতাৰণা নকৰাটো প্ৰয়োজনীয়।”

হানি এই সামাজিক মাধ্যমৰ প্ৰভাৱশালী মহিলা। তেওঁৰ এই বক্তব্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তেওঁক বহুতেই সমালোচনাৰ লক্ষ্য কৰি লৈছে যদিও আন এচামে কৈছে যে এয়া আপোনাৰ জীৱন, আপুনি কেনেকৈ সম্পৰ্ক বজাই ৰাখিব সেয়া সম্পূৰ্ণৰূপে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব।