NORTHEAST NOW (Assamese)

ফেব্ৰুৱাৰিত আই আই টি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান আলচাৰিঙা

January 24, 2018 4:30 pm · এন ই নাও নিউজ
Updated: January 24, 2018 6:25 pm

ফেব্ৰুৱাৰি ১ তাৰিখৰ পৰা আই আই টি গুৱাহাটীৰ বাৰ্ষিক সাংস্কৃতিক অনুষ্ঠান ‘আলচাৰিঙা’ আৰম্ভ হ’ব। উত্তৰ গুৱাহাটীস্থিত আই আই টীৰ নিজা কেম্পাছতে  চাৰি দিনীয়া সাংস্কৃতিক মহোৎসৱটো অনুষ্ঠিত হ’ব।

সংগীত সমাৰোহ, সাহিত্যানুষ্ঠান, খাদ্য মেলা, ফেশ্বন শ্ব’ আদিৰে ভৰপুৰ আলচাৰিঙাৰ ২২তম সংস্কৰণত দেশ বিদেশৰ বহু শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব।

বাৰ্ষিক অনুষ্ঠানটোৱে সমাজৰ বিভিন্ন সমস্যা সমূহকো দাঙি ধৰিব। উল্লেখযোগ্য যে শিক্ষানুষ্ঠানখনে সমাজৰ পিছপৰা শ্ৰেণীৰ শিশু সকলৰ সপোন বাস্তৱায়িত কৰাৰ উদ্দেশ্যে ২০১১ চনত ‘বচপন’ নামৰ এক প্ৰচেষ্টা আৰম্ভ কৰিছিল।

উক্ত প্ৰচেষ্টাৰ অধীনত তেওঁলোকে এই বছৰ শিশু সকলৰ দ্বাৰা দেশৰ দুৰ্গমপ্ৰান্তত সেৱা আগবঢ়াই অহা সৈনিক সকলৰ প্ৰতি অভিবাদন প্ৰদান কৰাৰ এক উদ্যোগ গ্ৰহণ কৰিছে।

শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে উৎসৱটোৰ সাংস্কৃতিক অভিজ্ঞতাৰ মাধ্যমেৰে উত্তৰ-পূবৰ লোকসকলৰ সামুহিক পৰিচয়ক প্ৰসাৰ কৰাৰ লগতে ইয়াৰ বাৰেৰহণীয়া সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াস কৰিব।

 

 

Related News