NORTHEAST NOW (Assamese)
Popular Stories

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নাগা মডেল নেইলাংগুনু চাঞ্চুৱে

Posted by: এন ই নাও নিউজ January 24, 2018 4:41 pm
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নাগা মডেল নেইলাংগুনু চাঞ্চুৱে

মিছ ডিভা কুইন প্ৰতিযোগিতা বিজয়ী নাগা মডেল নেইলাংগুনু চাঞ্চু অহা ফেব্ৰুৱাৰিত মুম্বাইত অনুষ্ঠিত হ’ব লগা মিছ টিয়াৰা প্ৰতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰস্তুত হৈছে।

মিছ ডিভা কুইন প্ৰতিযোগিতাৰ ৰানাৰ্চ আপ আয়ুচাংলা জমিৰ আৰু লিট’ আচুমিয়েও মুম্বাইৰ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব।

আয়ুচাংলা জমিৰে প্ৰতিযোগিতাখনৰ মিছ পিটাইত খণ্ডত ভাগ লোৱাৰ বিপৰীতে লিট’ আচুমিয়ে মিছ টীন খণ্ডত ভাগ ল’ব।

গ্লেমাৰ হাবৰ সঞ্চালক চাচংদাংবা য়াদেনে এই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে এই গাভৰুসকলক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

মিছ টিয়াৰা মুম্বাইত প্ৰতি বছৰে আয়োজিত এক ৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতা। ডিজিটেল মাধ্যমৰ যোগেদি মহিলা সবলীকৰণৰ প্ৰতি এই প্ৰতিযোগিতা উৎসৰ্গিত।

এই অনুষ্ঠানটোৰ য়ু টিউবত লাইভ সম্প্ৰচাৰ হ’ব। প্ৰখ্যাত বলিউড অভিনেতা আৰ্বাজ খান এই প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।