NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নিৰ্বাচনমুখী মেঘালয়ত দল ত্যাগৰ ঢৌ! পাঁচ বিধায়কে নিজ দল এৰি যোগ দিলে ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 18, 2023 8:36 pm
Meghalaya assembly elections

চুবুৰীয়া ৰাজ্য মেঘালয়ক স্পৰ্শ কৰিছে নিৰ্বাচনী বতাহে। আজি নিৰ্বাচন আয়োগে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ মাজতে নিৰ্বাচনমুখী মেঘালয়ত দেখিবলৈ পোৱা গৈছে দলত্যাগৰ ঢৌ।

আজি ৰাজ্যখনৰ সম্প্ৰতি কাৰ্যনিৰ্বাহ কৰি থকা পাঁচগৰাকী বিধায়কে বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে। পৃথক পৃথক দলৰ পদত্যাগী পাঁচ বিধায়কে দলত্যাগ কৰি ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিত যোগদান কৰে।

ইউনাইটেড ডেম’ক্ৰেটিক পাৰ্টিত যোগদান কৰাৰ পূৰ্বে আটাইকেইগৰাকী বিধায়কে মেঘালয়ৰ অধ্যক্ষ মেটবাহ লিংডোৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছিল।

বিধায়ক পদৰ পৰা পদত্যাগ কৰি ইউডিপিত যোগদান কৰা বিধায়ক পাঁচগৰাকী হৈছে হিল ষ্টেট পিপ’লছ্ ডেম’ক্ৰেটিক পাৰ্টি (HSPDP) ৰ ৰেনিকটন লিংডো টংখাৰ (HSPDP), তৃণমূল কংগ্ৰেছৰ শিতলাং পালে, নিলম্বিত কংগ্ৰেছ বিধায়কদ্বয় মেয়াৰলবৰ্ণ ছিয়েম আৰু পিটি ছাউকমি, নিৰ্দলীয় লেম্বৰ মালংগিয়াং।

আজি বিধায়ক কেইগৰাকীৰ পদত্যাগৰ লগে লগে কংগ্ৰেছ আৰু হিল ষ্টেট পিপ’লছ্ ডেম’ক্ৰেটিক পাৰ্টি (HSPDP) দুয়োটা দলে আনুষ্ঠানিকভাৱে মেঘালয়ত বিধায়কবিহীন হৈ পৰে।

উল্লেখ্য যে আজি ভাৰতৰ নিৰ্বাচন আয়োগে মেঘালয়ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ তাৰিখ ঘোষণা কৰে। অহা ১৬ ফেব্ৰুৱাৰীত মাত্ৰ এটা পৰ্যায়ত অনুষ্ঠিত হ’ব মেঘালয় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।

আয়োগৰ দ্বাৰা ঘোষিত সূচী অনুসৰি ২ মাৰ্চত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হ’ব। স্মৰ্তব্য যে ৬০ খন আসনৰ মেঘালয়ত বৰ্তমান কনৰাড চাংমা নেতৃত্বাধীন নেচনেল পিপ’লছ্ পাৰ্টিয়ে চৰকাৰ চলাই আছে।