NORTHEAST NOW (Assamese)
Popular Stories

ডমিনিকাত যশস্বীৰ ‘যশস্যা’: হ’ল কেইবাটাও কৃতিত্বৰ অধিকাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 14, 2023 11:10 am
India vs West Indies Yashasvi Jaiswal

২০২০ চনৰ ১৯ অনুৰ্ধ বিশ্বকাপ। ভাৰতীয় দলৰ নেতৃত্বৰ দায়িত্ব বহন কৰি, সমুখৰ পৰা দলক নেতৃত্ব দি সকলোৰে চকুত পৰিছিল বাওঁহতীয়া এগৰাকী প্ৰচুৰ সম্ভাৱনাময় তাৰকা। টুৰ্ণামেণ্টখনত চমকপ্ৰদ বেটিঙেৰে শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছিল খেলুৱৈগৰাকীয়ে। অৱশ্যে প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিও খিতাপ দখলত ব্যৰ্থ হৈছিল ভাৰত।

কিন্তু এই প্ৰতিযোগিতাত আগবঢ়োৱা দুৰন্ত প্ৰদৰ্শনে অধিনায়কগৰাকীৰ কেৰিয়াৰৰ গ্ৰাফত পেলাইছিল সুদূৰপ্ৰসাৰী প্ৰভাৱ, মুকলি হৈছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দ্বাৰ। উজ্বলি উঠিছিল নিজ ফ্ৰেন্সাইজি ৰাজস্থান ৰয়েলছৰ হৈও। তাৰ পিছত ঘৰুৱা ক্ৰিকেটতো ধাৰাবাহিকতাৰ নিদৰ্শন।

এনে ধাৰাবাহিকতাৰ বলতে উদীয়মান তাৰকাগৰাকীক অন্তৰ্ভুক্ত কৰা হ’ল ভাৰতীয় টেষ্ট দলত। আৰু নিৰ্বাচকৰ আস্থা জয় কৰি কালি কেৰিবিয়ান ভূমিত কেৰিয়াৰৰ প্ৰথমখন টেষ্টতে এক সম্ভাৱনাৰ আশা দি চমকিত হৈ উঠিল যুৱ তাৰকাগৰাকী। নাম যশস্বী জয়ছোৱাল, ভাৰতীয় ক্ৰিকেটৰ নৱোদিত সম্ভাৱনা।

কালি কেৰিবিয়ান ভূমিত ভাহি উঠিল যশস্বীৰ যশস্যা। অভিষেক মেচতে মাৰাথান শতকেৰে জয়ছোৱালে দিলে চমক। দ্বিতীয় দিনৰ সমাপ্তিলৈকে অপৰাজিত ১৪৩ ৰান, খেলিছে ৩৫০ টা বল। ধৈৰ্য-সংযম আৰু শ্বট নিৰ্বাচনত বিশুদ্ধতাৰ প্ৰমাণ দি জয়ছোৱালে ঘৰুৱা ৱেষ্ট ইণ্ডিজৰ বলিং আক্ৰমণক কৰি তুলিলে ভাগৰুৱা।

এই চমকপ্ৰদ শতকেৰে যশস্বী জয়ছোৱালে অৰ্জন কৰে কেইবাটাও ঈৰ্ষণীয় কৃতিত্ব। চাওঁ আহক এই কৃতিত্বসমূহ:

অভিষেক টেষ্টত শতক অৰ্জন কৰা ১৭ তম ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় জয়ছোৱাল।

বিদেশী ভূমিত টেষ্ট অভিষেকত শতক অৰ্জন কৰা সপ্তম ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হয় যশস্বী।

১৪৩ ৰানত অপৰাজিত থকা যশস্বীয়ে বিদেশী ভূমিত অভিষেক টেষ্টত সৰ্বাধিক ৰান সংগ্ৰহৰ অভিলেখ নিজৰ নামত লিপিবদ্ধ কৰে। ইয়াৰ পূৰ্বে গাংগুলী (১৩১ ৰান)ৰ নামত আছিল এই অভিলেখ।

শিখৰ ধাৱন আৰু পৃথ্বী শ্ব’ৰ পিছত টেষ্ট অভিষেকত শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় অ’পেনিং বেটাৰ ৰূপে পৰিগণিত হয় জয়ছোৱাল।

ৰোহিত শৰ্মা আৰু পৃথ্বী শ্ব’ৰ পিছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেক ঘটাই শতক অৰ্জন কৰা তৃতীয়গৰাকী ভাৰতীয় বেটাৰৰ অভিলেখ ৰচে যুৱ তাৰকাগৰাকীয়ে।

ভাৰতৰ হৈ টেষ্ট অভিষেকত শতক অৰ্জন কৰা চতুৰ্থ কনিষ্ঠ বেটছমেন জয়ছোৱাল (২১ বছৰ, ১৯৭ দিন)। এই তালিকাত শীৰ্ষস্থানত আছে পৃথ্বী শ্ব’ (১৮ বছৰ, ৩২৯ দিন)।

টেষ্ট অভিষেকত সৰ্বাধিক বলৰ সন্মুখীন হোৱা ভাৰতীয় খেলুৱৈৰ অভিলেখ ৰচে যশস্বীয়ে(৩৫০)। আছে। পূৰ্বে এই ৰেকৰ্ড আছিল আজহাৰুদ্দিনৰ নামত (৩২২টা বল)।

প্ৰথম উইকেটত ২২৯ ৰানৰ যুটীৰে ৰোহিত আৰু জয়ছোৱালে সুনীল গাভাস্কাৰ আৰু চেতন চৌহানৰ নামত থকা এছিয়াৰ বাহিৰত ভাৰতৰ হৈ টেষ্টত প্ৰথম উইকেটৰ ২১৩ ৰানৰ যুটীৰ ৪৪ বছৰীয়া অভিলেখ ভংগ কৰে।

লগতে যশস্বী আৰু ৰোহিতৰ যুটীয়ে ৱেষ্ট ইণ্ডিজৰ ভূমিত ভাৰতৰ হৈ প্ৰথম উইকেটত সৰ্বাধিক ৰানৰ নতুন অভিলেখ গঢ়ে। ইয়াৰ পূৰ্বে এই ৰেকৰ্ডৰ অধিকাৰী আছিল বীৰেন্দ্ৰ ছেহৱাগ আৰু ৱাছিম জাফৰৰ (১৫৯ ৰান) যুটী।

লগতে ৱেষ্ট ইণ্ডিজৰ বিপক্ষে প্ৰথম উইকেটৰ যুটীত ছেহৱাগ আৰু সঞ্জয় বাংগাৰৰ নামত থকা ২০১ ৰানৰ ভাৰতীয় অভিলেখ ভংগ কৰে জয়ছোৱাল-ৰোহিতে।

জয়ছোৱাল আৰু ৰোহিতৰ যুটীয়ে টেষ্টত প্ৰথম উইকেটৰ যুটীত বিপক্ষৰ বিৰুদ্ধে প্ৰথম ইনিংছত অগ্ৰগতি লাভ কৰা প্ৰথমটো ভাৰতীয় অ’পেনিং যুটী হিচাপে পৰিগণিত হয়।