NORTHEAST NOW (Assamese)
অসম

দুদিনীয়া ভ্ৰমণসূচীলৈ কাইলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 30, 2022 7:54 pm
দুদিনীয়া ভ্ৰমণসূচীলৈ কাইলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ

ইউক্ৰেইনত যুদ্ধৰ দামামা বাজি থকাৰ মাজতে কাইলৈ দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ।

কাইলৈ দুপৰীয়াৰ ভাগত লাভৰভে নতুন দিল্লীত অৱতৰণ কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

ৰাষ্ট্ৰসংঘত ৰাছিয়াই উত্থাপন কৰা ইউক্ৰেইন সম্পৰ্কীয় প্ৰস্তাৱত ভাৰতে ভোটদান নকৰাৰ পিছতো ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰত ভ্ৰমণলৈ আহিবলগীয়া কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

দৰাচলতে বিশ্বৰ প্ৰায় ৭০ শতাংশ তেল উৎপাদন কৰা ৰাছিয়াই ভাৰতৰ বজাৰ খন ইউক্ৰেইন যুদ্ধৰ অচিলালৈ হেৰুৱাব বিচৰা নাই।

সেইবাবেই ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতলৈ অহাৰ ক্ষেত্ৰত কোনো দ্বিধাবোধ কৰা নাই বুলি বিভিন্ন মহলত আলোচনা হৈছে।

মূলতঃ বাণিজ্যিক তথা প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়সমূহেই ৰাছিয়াৰ বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিব বুলি ধাৰণা কৰা হৈছে।