NORTHEAST NOW (Assamese)
অসম

নীপকো আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ সদৌ অসম অ’ বি চি ছাত্ৰ সন্থা

Posted by: এন ই নাও নিউজ August 8, 2018 11:12 pm

গোলাঘাটৰ বানাক্ৰান্ত অঞ্চললৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰিছে যদিও বৰ্তমানলৈকে ৰাজ্য চৰকাৰে এই সন্দৰ্ভত ৰাজহুৱা নকৰাত সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি ক্ষোভিত হৈ পৰিছে।

উল্লেখযোগ্য যে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাৰ সভাপতি অজিত বৰাই নৰ্থ ইষ্ট নাওৰ আগত কয় যে চৰকাৰে ১০০ কোটি টকা ধাৰ্য কৰা সত্ত্বেও গোলাঘাট জিলাৰ বানত বুৰ যোৱা ১৬০ খন গাঁৱৰ ৰাইজে চাউল, দাইল, তেল আৰু কেন্দেলৰ বাহিৰে আজিলৈকে আন কোনো ধৰণৰ সাহায্য লাভ কৰা নাই।

লগতে সদৌ অসম অ’ বি চি ছাত্ৰ সন্থাই নীপকোৰ অধ্যক্ষক আটক কৰাৰ নামত গোলাঘাট জিলা প্ৰশাসনে নাটক কৰা বুলি অভিযোগ উত্থাপন কৰি অনাগত দিনত এনে কাৰ্যৰ পৰা দূৰত থকাৰ হুংকাৰ প্ৰদান কৰে বুলি নৰ্থ ইষ্ট নাওৰ আগত প্ৰকাশ কৰে।

ইফালে গোলাঘাট জিলাৰ বানত আক্ৰান্ত সকলে বানত সৰ্বহাৰা হৈ গৃহহীন হৈ পৰিছে। আনহাতে বৰ্তমানলৈকে অঞ্চলটোত ৪ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৩ গৰাকী লোকক বিষাক্ত সৰ্পই দংশন কৰিছে।

আনহাতে ছাত্ৰ সংগঠনটোৱে বানাক্ৰান্ত প্ৰতিটো পৰিয়ালক নীপকোৰ ফালৰ পৰা ক্ষতিপূৰণ হিচাপে ২-৫ লাখকৈ টকা দিয়াৰ বাবেও দাবী উত্থাপন কৰে। অন্যথা ইয়াৰ ফল ৰাজ্য চৰকাৰখনে ভুগিব লাগিব বুলি ছাত্ৰ সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে।