NORTHEAST NOW (Assamese)
অসম

নিখুঁত এন আৰ চিৰ বাবে ৪০ লাখ লোকৰ ‘দাবী-আপত্তি’ৰ সময়সীমা বৃদ্ধিৰ প্ৰয়োজন: হীৰেন গোহাঁই

Posted by: কল্পজ্যোতি শইকীয়া August 8, 2018 11:10 pm
Hiren Gohin addressing press conference in the jointly convene Left-Democratic Mancha and Forum against Citizenship Amendment Act Bill at Guwahati press club in Guwahati on 08-08-18. Pix BY UB photos

এনআৰচিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা লোকসকলে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত যাৱতীয় নথি-পত্ৰ দাখিলৰ বাবে পৰ্য্যাপ্ত সুযোগ পোৱাৰ বাবে ‘আপত্তি আৰু দাবী’ দৰ্শোৱাৰ সময়সীমা বৃদ্ধিৰ বাবে কৰ্তৃপক্ষক আহ্বান জনাইছে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ আৰু বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে।

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা ৪০ লাখ মানুহৰ নাম বাদ পৰাটো ‘সাধাৰণ কথা নহয়’ আৰু ইমানসংখ্যক মানুহৰ আবেদনৰ নিখুঁত পৰীক্ষণৰ বাবে এতিয়া নিৰ্ধাৰণ কৰা সময়তকৈ অধিক সময়ৰ প্ৰয়োজন বুলি মত প্ৰকাশ কৰিছে সংগঠনকেইটাই।

‘সকলো ত্ৰুটি-বিচ্যুতি, আসোঁৱাহ আদি আঁতৰ কৰি নিখুঁত চূড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে অধিক সময়ৰ প্ৰয়োজন হ’ব। এই সময় আৰু অধিক দীঘলীয়া কৰিব লাগে,’  বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত এই আহ্বান মঞ্চৰ নেতা, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইৰ।

ইয়াৰোপৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰথমখন আংশিক খচৰা প্ৰকাশ পাছত বহু বিবাহিতা নাৰীৰ নাম এই খচৰাৰ পৰা বাদ পৰা বুলি মত প্ৰকাশ কৰি তেওঁ লগতে কয় ‘বহু বিবাহিতা নাৰী বিয়া হৈ যোৱাৰ পাছত তেওঁৰ স্বামীৰ গৃহত নাইবা পৰিয়ালত লিগেছী বা অন্যান্য নথি-পত্ৰ পোৱা নাযায়।’

‘৪৮ হাজাৰতকৈ বেছি বিবাহিত মহিলাৰ নাম চুড়ান্ত খচৰাৰ পৰা বাদ ৰখা হৈছে। এই বিষয়ত এক অনুসন্ধান কৰিব লাগে। পঞ্চায়ত সচিবৰ নথি উৰ্দ্ধতম কৰ্তৃপক্ষই অনুমোদন কৰে, তেন্তে সেইটো গ্ৰহণীয়,’ গোহাঁইৰ মত।

‘পঞ্চায়ত সচিবৰ সাক্ষৰক মান্যতা প্ৰদান কৰাটো ভাল। বাস্তৱ পৰিস্থিতিৰ সৈতে সংগতি ৰাখি ক্ষেত্ৰভিত্তিক পৰীক্ষণ কৰিও সেইবোৰ গ্ৰহণ কৰা দৰকাৰ।‘ এইদৰে হীৰেন গোহাঁইয়ে সংবাদমেলত কয়।

ইয়াৰোপৰি এগৰাকী মহিলাই ৩০-৪০ বছৰ ধৰি চৰকাৰী নোহোৱা এখন ভেঞ্চাৰ স্কুলৰ পৰা সেইখন চৰকাৰী নহয় বুলিয়েই তাৰ প্ৰমাণ পত্ৰ গ্ৰহণ কৰিব নোৱাৰি, সেইটো কেতিয়াও সমিচীন নহ’ব বুলি তেওঁ সংবাদমেলত উল্লেখ কৰে।

আনহাতে, উক্ত সংবাদমেলতে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ আগতে দেশজুৰি হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছিল বুলি তেওঁ মন্তৱ্য কৰি লগতে কয় ‘শাসনাধিষ্ঠ চৰকাৰখনেও এই খচৰা প্ৰকাশ পোৱাৰ পাছত সামাজিক অশান্তি সৃষ্টি হ’ব পাৰে বুলি প্ৰচাৰ আৰম্ভ কৰি তেওঁলোকে বহু চিআৰপিএফ বাহিনী আনি মজুত কৰি ৰাখিছিল।‘

তেওঁ লগতে দাবী কৰে যে এনআৰচি উন্নীতকৰণৰ পদক্ষেপক সংখ্যালঘু বিৰোধী পদক্ষেপ বুলি তেওঁলোকে কেতিয়াও বিশ্বাস নকৰে।

আনহাতে, ড়০ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকাকে ধৰি অন্য বহুজনে এনআৰচিৰ চুড়ান্ত খচৰা প্ৰকাশ পোৱাৰ আগেয়ে ছ’চিয়েল মেডিয়াৰ জৰিয়তে অপ-প্ৰচাৰৰ বিৰুদ্ধে মত নিবেদন কৰা বুলি সংবাদমেলত জানিবলৈ দি লগতে কয় ‘মই ভাবো যে শেষ মুহূৰ্তত তাৰ ফল ফলিয়ালে।’