NORTHEAST NOW (Assamese)
অৰুণাচল

গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 8, 2023 11:11 am
গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ ছাত্ৰৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

সোমবাৰে পুৱা গুৱাহাটীৰ প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান চাউথ পইণ্ট স্কুলৰ এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয়।

গুৱাহাটীৰ চাউথ পইণ্ট স্কুলৰ হোষ্টেলৰ চতুৰ্থ মহলাৰ পৰা উদ্ধাৰ কৰা হয় ছাত্ৰজনৰ মৃতদেহ।

অৰুণাচলৰ প্ৰদেশৰ পৰা অহা মৃত ছাত্ৰজন দ্বাদশ শ্ৰেণীত অধ্যয়নৰত আছিল।

লগতে পঢ়ক:তথাকথিত ভদ্ৰলোকৰ কীৰ্তি! ডাঃ সংগীতা আৰু ডাঃ ৱালিউলে ‘তোলনীয়া’ কন্যাক চলাইছিল যৌন নিৰ্যাতন

ইপিনে, আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে।

ছাত্ৰজনে হোষ্টেলৰ কোঠাত আত্মহত্যা কৰা বুলি সন্দেহ কৰা হৈছে।

অৱশ্যে কিহৰ বাবে এই ঘটনা সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।