NORTHEAST NOW (Assamese)
অসম

ইভিএম বিসংগতি : অসমৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰৰ পুনৰ ভোটগ্ৰহণৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 10, 2021 3:10 pm
a-evm-750x375

২০২১ অসম বিধানসভা সাধাৰণ নিৰ্বাচনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণ যোৱা ৬ এপ্ৰিলত অন্ত পৰিলেও ইভিএম বিসংগতি আৰু নিৰ্বাচনী দায়িত্বপ্ৰাপ্ত বিষয়াৰ দুষ্কৰ্মৰ বাবে চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছিল নিৰ্বাচন আয়োগে।

আয়োগে ভোটগ্ৰহণ কেন্দ্ৰ চাৰিটাত পুনৰ ভোটগ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিলেও পুনৰ ভোটগ্ৰহণ দিন ঘোষণা কৰা নাছিল।

শনিবাৰে নিৰ্বাচন আয়োগে অসমৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছে।

জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ৫৮ নং ধাৰাৰ উপা ধাৰা (২)(ক)ৰ অধীনত ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ১ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত বিংসগতি হোৱা চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক।

অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ প্ৰেৰণ কৰা এক পত্ৰত নিৰ্বাচন আয়োগে অহা ২০ এপ্ৰিলত চাৰিওটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ কৰিবলৈ নিৰ্দেশনা দিছে।

পত্ৰখনত ১ নং ৰাতাবাৰী(অনুসূচীত জাতি) বিধানসভা সমষ্টিৰ ১৪৯ নং ইন্দিৰা এম ভি স্কুল(ৰাইট), ১০ নং সোণাই বিধানসভা সমষ্টিৰ ১০৯ নং(৪৬৩ নং মধ্য ধনেহাৰী এলপি স্কুল আৰু ১৬ নং হাফলং(জনজাতি) বিধানসভা সমষ্টিৰ ১০৭ ক খুথলি এলপি স্কুল আৰু ১০৭ নং মৌদাম এলপি স্কুলৰ চাৰিটা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে।

তিনিটা বিধানসভা সমষ্টিৰ চাৰিওটা ভোটগ্ৰহণ কেন্দ্ৰতে ২০ এপ্ৰিলৰ পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।