NORTHEAST NOW (Assamese)
অসম

আজি মহাষষ্ঠী! আৰম্ভ হ’ল শাৰদীয় দুৰ্গোৎসৱ; মহানগৰীতো প্ৰস্তুতি তুংগত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 1, 2022 2:42 pm

Sharadiya Durga Puja celebration starts হিন্দু ধৰ্মাৱলম্বীসকলৰ অন্যতম শাৰদীয় আয়োজন ‘দুৰ্গোৎসৱ’ৰ আজি মহাষষ্ঠী। দেৱী দুৰ্গাৰ উপাসনাৰে আজি আৰম্ভ হ’ব শাৰদীয় দুৰ্গাপূজাৰ। কল্পৰাম্ভত ঘট স্থাপন, বিল্ব বোধন, অধিবাসৰ শেষত দেৱীক আমন্ত্ৰণ জনোৱা হ’ব।

কাইলৈ মহাসপ্তমী। মহাসপ্তমীত দেৱীক ষোড়শ উপচাৰ অৰ্থাৎ ১৬টা উপাদানেৰে পূজা কৰা হ’ব। সেইদৰে মহাঅষ্টমী আৰু মহানৱমীত বিধিবিহিত পূজা-অৰ্চনাৰে দেৱীক আৰাধনা কৰা হ’ব।

অহা ৫ অক্টোবৰ বুধবাৰে বিজয়া দশমীত দেৱীয়ে নাৱত বিদায় ল’ব।

লগতে পঢ়ক: বৃদ্ধি পাব ইন্টাৰনেটৰ গতি! দেশত 5G সেৱা মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

দুৰ্গাপূজা উপলক্ষে গুৱাহাটী মহানগৰীতো ব্যাপক প্ৰস্তুতি চলিছে। পাঁচ শতাধিক পূজা মণ্ডপ দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু হৈ উঠিছে। আজি সন্ধিয়াৰে পৰাই পূজা মণ্ডপসমূহত ভক্তৰ লানি লাগিব।

ইপিনে, বহু পূজাস্থলীত পৰম্পৰাগত লোকনাট্য, ওজাপালিকে ধৰি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

কোভিডকালীন পৰিস্থিতিৰ পিছত প্ৰথমবাৰৰ বাবে মুকলিমুৰীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ শাৰদীয় দুৰ্গাপূজাত যথেষ্ট ভিৰ হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: বিজ্ঞানীৰ দাবী: পৃথিৱীতে আছে ইমান দিনে মানুহৰ চকুত নপৰা ছয় নম্বৰ মহাসাগৰ!

আনহাতে, পূজাৰ দিনকেইটাত যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ যান-বাহন আৰক্ষীয়ে বাহন চলাচলৰ পথ নিৰ্দেশনা কিছু সলনি কৰিছে।