NORTHEAST NOW (Assamese)
অসম

Guwahati-bound Bikaner Express derails: পশ্চিমবংগৰ ময়নাগুৰিত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ; নিহত কমেও ৫জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 13, 2022 8:21 pm
WhatsApp Image 2022-01-13 at 8.07.17 PM

Guwahati-bound Bikaner Express derails পশ্চিমবংগৰ ময়নাগুৰিত ১৫৩৬৬গুৱাহাটীমুখী বিকানেৰ-গুৱাহাটী এক্সপ্ৰেছ লাইনচ্যুত হোৱাৰ ফলত কমেও ৫জন লোকৰ মৃত্যু ঘটিছে।

জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি সংঘটিত এই ভয়াবহ দুৰ্ঘটনাত কমেও ১২টা ডবা লাইনচ্যুত হয়। দুৰ্ঘটনাত নিহত তথা আহতৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

দুৰ্ঘটনাৰ পাছতে  স্থানীয় প্ৰশাসনে উদ্ধাৰ অভিযান চলায়। দুৰ্ঘটনাগ্ৰস্ত এটা ডবাৰ পৰা ৫জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক: Covid-19 Update: দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে দৈনিক সংক্ৰমণৰ হাৰ; পজিটিভিটিৰ হাৰ ১৩শতাংশ অতিক্ৰম

উদ্ধাৰকাৰী দলে ডবাৰ ভিতৰত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।

নিশা অন্ধকাৰৰ বাবে যাতে উদ্ধাৰ অভিযান ব্যহত নহয় তাৰ বাবে জেনেৰেটৰ তথা পোহৰৰ ব্যৱস্থা কৰিছে স্থানীয় প্ৰশাসনে।

এতিয়ালৈকে ২০ জন আহত লোকক উদ্ধাৰ কৰি হাস্পাতলত ভৰ্তি কৰা হৈছে। জলপাইগুৰি সদৰ হাস্পাতালৰ পৰা ৩০খন এম্বুলেন্স উদ্ধাৰ কাৰ্যৰ বাবে ব্যৱহাৰ কৰা হৈছে।  

লগতে পঢ়ক:‘আম আদমী’ৰ ফোনকল বা মেচেজৰ দ্বাৰাই নিৰ্বাচন কৰা হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী! ব্যতিক্ৰমী কেজৰিৱাল

ইপিনে, জলপাইগুৰি আৰু শিলিগুৰিৰ চৰকাৰী তথা বেচৰকাৰী হাস্পাতালসমূহক দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ বাবে সাজু কৰি তোলা হৈছে।