NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত জটিল কোভিড পৰিস্থিতি! উদ্বেগজনকভাবে বৃদ্ধি সংক্ৰমণ; নতুনকৈ কিমান হ’ল আক্ৰান্ত?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 14, 2022 6:50 am
12d6c1fb-dbaf-4677-909e-2bb4948902d3_1920x1080

দেশত অব্যাহত থকা কোভিডৰ ভয়ংকৰ সংক্ৰমণৰ পৰা সাৰি যোৱা নাই অসমো। ৰাজ্যখনত দ্ৰুত গতিত কোভিডসংক্ৰম ঘটিছে আৰু ক্ৰমে চিকিৎসালয়সমূহত চাপ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে

সেইদৰে ৰাজ্যত পজিটিভিটিৰ হাৰো হঠাতে প্ৰায় ৮ শতাংশ স্পৰ্শ কৰিছে

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পোৱা কোভিড-১৯ৰ দৈনিক সংক্ৰমণৰ মাজতে বৃহস্পতিবাৰে ৩২৩৮গৰাকী লোক আক্ৰান্ত হৈছে

আনহাতে, ৰাজ্যত বুধবাৰে মুঠ ৩২৭৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছিল

যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১০৭০ গৰাকী লোক।

ইপিনে, বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যত কোভিডত ৩গৰাকী লোকৰ মৃত্যু ঘটিছে।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৪,১৬৫ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে .৮৭ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৬.৯৬ শতাংশ।