NORTHEAST NOW (Assamese)
অসম

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 1, 2025 6:38 pm
ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষ্যে ৮ ছেপ্তেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণিৰ বাবে অহা ৮ ছেপ্টেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শুকুৰবাৰে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

জানিব পৰা মতে, প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰ লিমিটেডত উপস্থিত হৈ ৪২০০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা বায়’-ইথানল প্লাণ্টটো উদ্বোধন কৰিব।

ইয়াৰ পাছতে তেওঁ দৰং জিলাৰ মঙলদৈলৈ গৈ গুৱাহাটীৰ কুৰুৱা আৰু নাৰেংগী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী-ৰিং ৰোড উন্মোচন কৰাৰ লগতে মঙলদৈ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।

সন্ধিয়া তেওঁ গুৱাহাটীত উপস্থিত হৈ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভ কৰিব বুলিও শৰ্মাই জানিবলৈ দিয়ে।

ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা ২৯ আগষ্টত গুৱাহাটীত নতুনকৈ নিৰ্মাণ কৰা ৰাজভৱন উদ্বোধন কৰিবলৈ অসমলৈ অহাৰ কথা।