NORTHEAST NOW (Assamese)
অসম

জাগীৰোডত জব্দ ৫ কুইণ্টল নিষিদ্ধ থাই মাগুৰ : নাগালেণ্ডলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যেৰে অনা হৈছিল মাছখিনি

Posted by: নৰ্থ-ইষ্ট নাও Updated by: নৰ্থ-ইষ্ট নাও August 1, 2025 7:36 pm

ৰাজ্যত অব্যাহত আছে নিষিদ্ধ থাইলেণ্ড মাগুৰৰ অবৈধ ব্যৱসায়। বৃহস্পতিবাৰে নিশা জাগীৰোডত আৰক্ষীয়ে জব্দ কৰিছে ৫ কুইণ্টল থাইলেণ্ড মাগুৰ।

এক গোপন সূত্ৰৰ ভিত্তিত নাগালেণ্ড অভিমুখে কঢ়িয়াই নিয়াৰ সময়তে জাগীৰোড আৰক্ষীয়ে জাগীৰোডৰ মানহা শান্তিপুৰত নিষিদ্ধ মাছখিনি জব্দ কৰে। আৰক্ষী জনোৱা মতে, মাছখিনি কঢ়িয়াই নিয়া এখন টাটা এচি গাড়ী (পঞ্জীয়ন নম্বৰ এ এছ-০১জিচি-৮৭৫৯) জব্দ কৰা হৈছে।

গাড়ীখন জব্দ কৰাৰ পিছতে জিলা মীন বিভাগৰ বিষয়াসকলক সেই স্থানলৈ মাতি অনা হয়, তাৰ পিছত নিষিদ্ধ মাছসমূহ পুতি থোৱা হয়।

এগৰাকী স্থানীয় ব্যক্তিয়ে জনোৱা মতে, ‘মাছখিনি চিনাক্ত কৰি আমি আৰক্ষীক খবৰ দিলোঁ। তেওঁলোক আহি পোৱাৰ পিছত আমি নাগালেণ্ডলৈ লৈ যোৱা প্ৰায় ৫ কুইণ্টল থাইলেণ্ড মাগুৰ জব্দ কৰাত সহায় কৰিলোঁ।’

উল্লেখ্য যে থাই মাগুৰে জৈৱ বৈচিত্ৰ্যৰ গুৰুতৰ ক্ষতি কৰে। লগতে এই মাছবিধে কেন্সাৰ সৃষ্টিকাৰী বীজাণুৰ সৃষ্টি কৰে। সেয়ে এই মাছ সমগ্ৰ ভাৰততে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নিষিদ্ধ কৰিছে।