NORTHEAST NOW (Assamese)
Popular Stories

১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি অসমত মুকলি হ’ব অৰুণোদয় ৩.০: ঘোষণা মুখ্যমন্ত্ৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 1, 2025 7:48 pm
১৭ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি অসমত মুকলি হ’ব অৰুণোদয় ৩.০: ঘোষণা মুখ্যমন্ত্ৰীৰ

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে সংবাদমেল।

ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

এতিয়াৰে পৰা অৰুণোদয় আঁচনি লাভ কৰা পৰিয়ালে ৰন্ধন গেছ ক্ৰয় কৰিলে ২৫০ টকা ৰেহাই পাব।

১৭ ছেপ্টেম্বৰৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ পৰা অৰুণোদয় ৩.০ আৰম্ভ হব।

অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব মুখ্যমন্ত্ৰীৰ পত্ৰ আৰু কিতাপৰ টোপোলা। নতুন পঞ্চায়ত প্ৰতিনিধি অথবা জিলা আয়ুক্তৰ প্ৰতিনিধিয়ে এই পত্ৰ আৰু কিতাপ প্ৰদান কৰিব।