NORTHEAST NOW (Assamese)
অসম

গুৰুতৰভাবে অসুস্থ কবি নীলমণি ফুকন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 19, 2023 7:46 am

যোৱা বুধবাৰৰ পৰা গুৰুতৰভাবে অসুস্থ হৈ পৰিছে জ্ঞানপীঠ নীলমণি ফুকন। দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত কবিজনা যোৱা মঙলবাৰে হঠাতে অসুস্থ হৈ পৰে। তেখেতৰ পুত্ৰৰ পৰা জানিব পৰা মতে বুকত কফ জমা হৈ অৱস্থা জটিল হৈ পৰে অসমৰ জাতীয় কবিজনাৰ।

সংকটজনক অৱস্থাত যোৱা বুধবাৰে বিয়লি মালিগাঁওৰ সঞ্জীৱনী হাস্পাতালত কবিজনাক ভৰ্তি কৰা কৰা। সঞ্জীৱনী হাস্পাতালত অসম চৰকাৰে পঠিওৱা এটি বিশেষজ্ঞ চিকিৎসক দলে কবিজনাক কেইঘন্টামান চিকিৎসা কৰে।

অৱশেষত বুধবাৰে নিশা ১১ বজাত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু কবিগৰাকীৰ পুত্ৰৰ তত্বাবধানত কবিজনাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ আই চি ইউলৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত আছে কাব্যঋষিগৰাকী।

চিকিৎসকৰ পৰা জানিব পৰা মতে বৰ্তমানেও সংকটজনক কবিগৰাকীৰ স্বাস্থ্যৰ অৱস্থা।