NORTHEAST NOW (Assamese)
অসম

ফেশ্যন উদ্যোগত মেঘালয়ৰ জৈৱিক সূতাৰ কদৰ : বাণিজ্যিকভাৱে উৎপাদনৰ প্ৰয়াস

Posted by: এন ই নাও নিউজ March 4, 2018 3:52 pm
ramie-570x320

বিখ্যাত ফেশ্যন ডিজাইনাৰ হেমন্ত সাগৰে শেহতীয়াভাৱে মেঘালয়ত আৱিস্কাৰ কৰা সূতা ‘ৰে’মি’ লিনেনৰ পছতেই আধুনিক বয়ন উদ্যোগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী হ’ব পাৰে বুলি ফেশ্যন উদ্যোগ বিশেষজ্ঞসকলে মন্তব্য কৰিছে।

পূব এছিয়াৰ থলুৱা সঁচৰ চোৰাত পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ হৈছে ৰে’মি। সূতাৰ ৰেচমী জিলিকনি ধৰি ৰখা, শোটমোচ কমোৱা আৰু খমখমীয়া কৰি ৰখাৰ বাবে ব্যৱহাৰ কৰা এই উদ্ভিদবিধ মেঘালয়ৰ যথেষ্ট বৰষুণ হোৱা এলেকাবোৰত পোৱা যায়। লিনেন আৰু ফ্লাক্সৰ সৈতে মিল থকা, টান আঁহসম্পন্ন এই উদ্ভিদবিধ মেঘালয়ত যথেষ্ট পৰিমাণে পোৱা  যায়।

ফেশ্যন ডিজাইনাৰ হেমন্ত সাগৰ হৈছে ফৰাচী ফেশ্যন উদ্যোগ ‘Lecoanet Hemant’ৰ সহ প্ৰতিষ্ঠাপক। মেঘালয়লৈ ভ্ৰমণ কৰা কালত যোৱা সপ্তাহত তেওঁ এই উদ্ভিদবিধ আৱিস্কাৰ কৰিছিল।

ৰে’মিৰ আঁহ বছৰত চাৰিবাৰ চপাব পাৰি আৰু ই প্ৰাকৃতিকভাৱে বীজাণুমুক্ত হোৱা হেতুকে ইয়াৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰিব পৰা যায়। ই জৈৱিক আৰু সেয়েহে ই পৰিৱেশৰ ওপৰত কোনো নেতিবাচক প্ৰভাৱ নেপেলায়। জানিব পৰা মতে ফৰাচী ফেশ্যন প্ৰতিষ্ঠানটোৰ দৃষ্টিলৈ এই উদ্ভিদবিধৰ পৰা আঁহ আহৰণৰ ধাৰণাটো আনি দিয়া হেমন্ত সাগৰৰ সৈতে মেঘালয় চৰকাৰে সহযোগ কৰিছে আৰু এনেদৰেই ‘ফাইবাৰ টু ফেশ্যন’ বাস্তৱায়িত হৈছে।

ইতিমধ্যে ফৰাচী চৰকাৰে হেমন্ত সাগৰ আৰু মেঘালয় চৰকাৰৰ সৈতে সহযোগিতাৰে গঠন কৰা ‘সুপ্ৰভাত ভাৰত’ (Bonjour India) ফ্ৰেমৱৰ্কৰ কাৰ্যসূচীৰ অংশ হিচাপে এই উদ্ভিদৰ ওপৰত পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে ১৭ গৰাকী ডিজাইনাৰক আমন্ত্ৰণ কৰিছে।

r-300x152

এই কাৰ্যসূচীৰ অধীনত মেঘালয়ত প্ৰথমবাৰৰ বাবে ৰে’মিৰ খেতি কৰাৰ লগতে চপোৱাও হৈছে। শেহতীয়া উৎপাদনখিনি যোৱা ১৪ ফেব্ৰুৱাৰিত ভাৰতত নিয়োজিত ফৰাচী ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ জিগলাৰৰ বাসভৱনত প্ৰদৰ্শন কৰা হৈছে, য’ত ৰে’মিয়ে সকলোৰে সন্তুষ্টি আদায় কৰিছে।

বাণিজ্যিকভাৱে ইয়াৰ খেতি কপাহতকৈ অধিক খৰচী। কিন্তু বিশেষজ্ঞসকলৰ মতে ই লিনেনৰ দৰে টান হোৱা হেতুকে ইয়াক পাতলকৈ ব’ব পৰা যায় আৰু ই সেমেকা জলবায়ুৰ এলেকাৰ বাবে উপযোগী হ’ব।

 

ৰে’মি হৈছে মানুহে খেতি কৰা আটাইতকৈ পুৰণি আঁহজাতীয় উদ্ভিদসমূহৰ অন্যতম। প্ৰায় ৬ হেজাৰ বছৰ ধৰি ৰে’মিৰ খেতি কৰি অহা হৈছে। চীন হৈছে ৰে’মি উৎপাদন কৰা এখন আগশাৰীৰ দেশ। জাপান, টাইৱান, ব্ৰাজিল আৰু ফিলিপাইনছতো পৰম্পৰাগতভৱে ৰে’মিৰ খেতি কৰা হয়।