NORTHEAST NOW (Assamese)
অৰুণাচল

বিজেপিৰ সাফল্যৰ বাবে শুভেচ্ছা প্ৰদান অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডৰ

Posted by: প্ৰণৱ কুমাৰ দাস March 4, 2018 4:09 pm
Pema-Khandu

উত্তৰ-পূবৰ তিনিখন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীয়ে অভূতপূৰ্ব সাফল্য লাভ কৰাত অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডৱে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় পাৰ্টী অধ্যক্ষ অমিত শ্বাহ আৰু তিনিওখন ৰাজ্যৰে দলীয় কৰ্ম-কৰ্তা সকলক শণিবাৰে শুভেচ্ছা প্ৰদান কৰে।

বিজেপি পাৰ্টীৰ শ্লোগান ‘ছবকা ছাথ ছবকা বিকাশ’ আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনিৰ বাবে উত্তৰ-পূবৰ জনসাধাৰণে ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত দলটোৰ হকে অভূতপূৰ্ব জনমত সাব্যস্ত কৰিছে।

বিজেপিয়ে সমাজৰ সকলো সম্প্ৰদায়ৰ মানুহক সামৰি লৈ এটা বৃহৎ সৰ্বভাৰতীয় ভাবমূৰ্তি স্থাপন কৰিবলৈ সামৰ্থ হৈছে। এনেদৰে মন্তব্য কৰে খাণ্ডৱে।

খাণ্ডৱে আৰু কয় যে,  প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপৰত থকা ভাৰতবাসীৰ বিশ্বাস আৰু আস্থাৰ বাবেই উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যত দলে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে  উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে সদায় গুৰুত্ব প্ৰদান কৰি আহিছে। তেওঁৰ সবল নেতৃত্বত এই অঞ্চলটো কোনো দিনে অৱহেলিত হোৱা নাই বৰঞ্চ অঞ্চলটোৰ সকলো ক্ষেত্ৰতে বিকাশ ক্ষীপ্ৰতৰ হোৱা পৰিলক্ষিত হৈছে।

উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে দেখুওৱা বৃহৎ সাফল্যৰ বাবে পেমা খাণ্ডৱে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱ, অসমৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজু আৰু দলীয় কৰ্ম-কৰ্তাক বিশেষভাবে শুভেচ্ছা প্ৰদান কৰে।