NORTHEAST NOW (Assamese)
অসম

চিকিৎসাধীন অৱস্থাতে চেন্নাইত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 3, 2025 8:44 am
চিকিৎসাধীন অৱস্থাতে চেন্নাইত বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাৰ দেহাৱসান

বিশিষ্ট বাঁহীবাদক দীপক শৰ্মা আৰু নাই। চেন্নাইত চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে বাঁহীবাদকগৰাকীৰ। সোমবাৰে পুৱা ৬.১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিনে চিকিৎসাধীন হৈ আছিল বাঁহীবাদকগৰাকী। যকৃতৰ ৰোগত আক্ৰান্ত বাঁহীবাদকগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক হৈ পৰিছিল।

গুৰুত্বৰভাৱে অসুস্থ দীপক শৰ্মাক কিছুদিন পূৰ্বে উন্নত চিকিৎসাৰ বাবে  চেন্নাইলৈ লৈ যোৱা হৈছিল। তেওঁক ভেন্টিলেটৰত ৰখা হৈছিল। 

১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা দীপক শৰ্মা গুৱাহাটী বাণিজ্যমহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। বৰ্তমান তেওঁ গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা আছিল।

তেওঁ কলিকতাৰ  ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেন্টেল মিউজিক (বাঁহী) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।

লক্ষ্ণৌৰ ভাটখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ শৰ্মাই কিংবদন্তি বাঁহীবাদক পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানতো সংগীত শিক্ষা গ্ৰহণ কৰিছিল।

তেওঁ অল ইণ্ডিয়া ৰেডিঅ’, গুৱাহাটীৰ বাঁহীবাদনৰ বি. হাই গ্ৰেডেড আৰ্টিষ্ট হিচাপে স্বীকৃতপ্ৰাপ্ত আছিল।

দীপক শৰ্মাই অসমীয়া ছবি ‘জংকি পানৈ’, ‘জাতিংগা ইত্যাদি’ আৰু ‘লুইতক ভেটিব কোনে’ৰ সংগীত পৰিচালনাও কৰিছিল।

বিশিষ্ট শিল্পীগৰাকীৰ অকাল বিয়োগে অসমৰ সংগীত তথা সাংস্কৃতিক জগতৰ লগতে অজস্ৰ গুণমুগ্ধক শোকস্তব্ধ কৰি তুলিছে।