NORTHEAST NOW (Assamese)
অসম

গা লৰিল! ২মে’ত ৰাজনৈতিক দলৰ বিজয় উৎসৱ ৰেলীত নিষেধাজ্ঞা জাৰি নির্বাচন আয়োগৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 27, 2021 11:48 am
index.jpgaaa-750x375

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলে কোনো বিজয় সমদল উলিয়াব নোৱাৰিব। কৰ’না পৰিস্থিতিৰ মাজতে আজি নতুন নিৰ্দেশনা জাৰি কৰিলে নিৰ্বাচন আয়োগে।

মাদ্ৰাজ হাইকোৰ্টৰ ভৎসৰ্নাৰ পাছতেই গা লৰিল নিৰ্বাচন আয়োগৰ। সেয়ে, ততাতয়াকৈ এই নিষেধাজ্ঞা জাৰিৰ কথা সদৰী কৰিলে।

আনহাতে, ভোটগণনা কেন্দ্ৰত উপস্থিত থাকিবলৈ হ’লে প্ৰাৰ্থী তথা এজেন্টসকলে  ২মে’ৰ পূৰ্বে আৰটি-পিচিআৰ টেষ্ট কৰাব লাগিব।

উল্লেখযোগ্য যে সোমবাৰে মাদ্ৰাজ হাইকোৰ্টে কৰ’নাৰ দ্বিতীয় ঢৌৰ ব্যাপক সংক্ৰমণৰ বাবে নিৰ্বাচন আয়োগক দায়ী কৰিছিল।

আদালখনৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কৈছিল যে যোৱা কেইমাহ ধৰি কোভিড বিধি নামানি চলি থকা প্ৰচাৰ বন্ধ নকৰি নিৰ্বাচন আয়োগে আটাইতকৈ দায়িত্বজ্ঞানহীন সংস্থাৰ দৰে কাম কৰিছে। ইয়াৰ বাবে আয়োগৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু হোৱা উচিত।

আদালতখনে প্ৰয়োজন হ’লে ভোটগণনা বন্ধ কৰি দিয়া হ’ব বুলিও সকীয়াই দিছিল। কোৱা হৈছিল,’’কিদৰে কোভিড বিধি মানি চলা হ’ব সেয়া নিশ্চিত কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰা হ’ব সেইটো আদালতক জনাব নোৱাৰিলে ২ মে’ৰ ভোটগণনা বন্ধ কৰি দিয়া হ’ব। ভোটগণনা স্থগিত বা পিছুৱাই দিয়াও হ’ব পাৰে।‘’

মাদ্ৰাজ হাইকোৰ্টৰ এনে কঠোৰ স্থিতিৰ পাছতেই মঙলবাৰে নিৰ্বাচন আয়োগে ততাতয়াকৈ বিজয় উৎসৱ নিষিদ্ধ কৰি এই নিৰ্দেশনা জাৰি কৰে।