পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ! মহানগৰীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰত গুলীবিদ্ধ হৈছে ড্ৰাগছ সৰবৰাকাৰী। সোমবাৰে নিশা গুৱাহাটীৰ গড়চুক আৰক্ষীৰ গুলীত গুলীবিদ্ধ হয় ড্ৰাগছ মাফিয়া তাছেৰ আলী।
সোমবাৰে গড়চুক আৰক্ষীয়ে তাছেৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বুজন পৰিমানৰ জব্দ কৰিছিল ।
ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আন লোকৰ ঘৰ দেখুৱাই দিবলৈ নিশা লৈ যোৱাৰ সময়তে তাছেৰে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে তাছেৰক লক্ষ্য কৰি গুলী চলায় আৰু তাছেৰ গুলীবিদ্ধ হয়।
গুলীবিদ্ধ তাছেৰক বৰ্তমান চিকিৎসাৰ বাবে জি এম চি এইচত ভৰ্তি কৰা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে তাছেৰে তেওঁৰ পত্নীৰ সৈতে নিষিদ্ধ ড্ৰাগছৰ অবৈধ ব্যৱসায় চলাইছিল।
উল্লেখ্য যে তাছেৰক মনিপুৰৰ পৰা বাংলাদেশলৈ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰা এক চোৰাং চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগত তাছেৰক গ্ৰেপ্তাৰ কৰা হৈছিল।