NORTHEAST NOW (Assamese)
অসম

মুখ্যমন্ত্ৰীক কিয় প্ৰশংসা কৰিলে অখিল গগৈয়ে; কি কামৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ অখিলৰ?

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 4, 2022 10:59 am
Akhil Gogoi

সোমবাৰে শিৱসাগৰত এক সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি অখিল গগৈয়ে কয়, নৱবৰ্ষত দুৰ্ঘটনা ৰুধিবলৈ মুখ্যমন্ত্ৰীয়ে যি প্ৰচেষ্টা গ্ৰহণ কৰিলে সেয়া আদৰণীয়। ইয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনায় বিধায়ক অখিল গগৈয়ে।

একেখন সংবাদ মেলতে অখিল গগৈয়ে ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰীক।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যত তিনিটা সন্ত্ৰাস চলোৱা বুলি কয় অখিল গগৈয়ে। ইয়াৰে এটা মানুহ মৰা সন্ত্ৰাস, এটা কৰ সংগ্ৰহৰ সন্ত্ৰাস আৰু আনটো সাম্প্ৰদায়িক সন্ত্ৰাস বুলি কয় অখিল গগৈয়ে। 

Also Read: পুনৰ অসম আৰক্ষীৰ এনকাউন্টাৰ! মহানগৰীত গুলীবিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী

কেন্দ্ৰীয় চৰকাৰৰ আঁচনিকে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন ৰাজ্য চৰকাৰে কৰা বুলি কৈ ৱাহ ৱাহ লোৱা বুলিও অভিযোগ কৰে অখিল গগৈয়ে।

আনহাতে, মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আঠু লোৱা বুলি তীব্ৰ সমালোচনা কৰে বিধায়ক অখিল গগৈয়ে।