যোৰহাটৰ বাজাজ ডিলাৰৰ সন্মুখত ভয়ংকৰ দুৰ্ঘটনাত পতিত ডাক্টৰৰ চিহ্ন লগোৱা বিলাসী গাড়ী

যোৰহাটৰ বাজাজ ডিলাৰ সন্মুখত ডাক্টৰৰ চিহ্ন লগোৱা এখন বিলাসী গাড়ী ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে।
নিশা প্ৰায় ৭বাজি ৩০মিনিটত AS-03-M-8088 নম্বৰৰ হোণ্ডাৰ চাৰিচকীয়া বিলাসী বাহনখন এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় l
ডিভাইডাৰ ওপৰত উঠি যায় হোণ্ডাৰ চাৰিচকীয়া বিলাসী গাড়ীখন l
জানিব পৰা মতে এখন ফাৰ্মাচীৰ স্বত্ত্বাধিকাৰে চলাই যোৱা গাড়ীখনত ডাক্টৰৰ চিহ্ন ব্যবহাৰ কৰা হৈছিল l
Also Read: মুখ্যমন্ত্ৰীক কিয় প্ৰশংসা কৰিলে অখিল গগৈয়ে; কি কামৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ অখিলৰ?
দুৰ্ঘটনাৰ ১৫ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা l
প্ৰত্যক্ষদৰ্শী লোকসকলে দুৰ্ঘটনাটো সন্দৰ্ভত বিভিন্ন অভিযোগ আনে l
গাড়ীখনত থকা গাড়ী চালক জন বৰ্তমান যোৰহাট মেডিকেল কলেজলৈ চিকিৎসাৰ বাবে লৈ যোৱা হৈছে l
গাড়ীখনৰ চালক যোৰহাটৰ এখন ফাৰ্মাচীৰ স্বত্ত্বাধিকাৰ বুলি জানিব পৰা গৈছে l
Also Read: দিল্লীৰ মুখ্যমন্ত্ৰী অৰৱিন্দ কেজৰিৱাল কৰ’নাত আক্ৰান্ত; বৰ্তমান হোম আইছ’লেশ্যনত
ডাক্তৰৰ চিহ্ন লগোৱা গাড়ীখন বৰ্তমান যোৰহাট আৰক্ষীয়ে উদ্বাৰ কৰি যোৰহাট সদৰ আৰক্ষী থানালৈ লৈ গৈছে l