NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত আবতৰীয়া ধুমুহাত বিস্তৰ ক্ষতি; নিমিষতে উছন হ’ল বহু ঘৰ-বাৰী

Posted by: ইয়াছিন আলী August 7, 2018 10:03 am
photo from Yeasin Ali, Kokila _20180807_070109

সোমবাৰে নিশা বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত শৌলমাৰী, নাম্বাৰপাৰা, চাকলা, কোকিলাত আবতৰীয়া প্ৰলয়ংকাৰী বতাহ ধুমুহাত বিস্তৰ ক্ষতি হয় জনসাধাৰণৰ। প্ৰলয়ংকাৰী ধুমুহাত ঘৰ-বাৰী, গছ-গছনি আদিৰ বিস্তৰ ক্ষতি হয় বুলি জানিব পৰা গৈছে।

প্ৰলয়ংকাৰী ধুমুহাত শৌলমাৰী অঞ্চলত ৰাস্তাৰ ওপৰতে গছ-গছনি পৰি যাতায়াত ব্যৱস্থা ব্যাহত হোৱা পৰিলক্ষিত হৈছে। ইফালে শৌলমাৰীৰ আব্দুছ ছালাম নামৰ এজন লোকৰ ঘৰৰ ওপৰত প্ৰকাণ্ড গছ পৰি নৱ নিৰ্মিত ঘৰখনৰ বিস্তৰ ক্ষতি হয় যদিও ঘৰৰ বাসিন্দাসকল কোনোমতেহে ৰক্ষা পৰে।

সোমবাৰৰ নিশা হোৱা বতাহ ধুমুহাৰ ফলত সমগ্ৰ অঞ্চলটোত বিশেষকৈ শৌলমাৰীৰ বহু কেইটা পৰিয়ালৰ বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ উপৰি কেইবা ঠাইতো বিদ্যুতৰ তাঁৰ ছিঙি গছ-গছনি পৰি বিদ্যুত সেৱা সম্পূৰ্ণ বন্ধ হৈ পৰে। আনহাতে নাম্বাৰপাৰা আৰু চাকলাতো বিস্তৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্যযোগ্য যে ধুমুহাত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক অতি শীঘ্ৰে চৰকাৰৰ ফালৰ পৰা সহায় সহযোগিতা আগবঢ়াবলৈ বিনম্ৰ অনুৰোধ জনায় ক্ষতিগ্ৰস্ত জনতাই।