NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাৰ যোগীঘোপাত ককাকে যৌন নিৰ্যাতন চলালে নাতিনীয়েকক : এজনক আটক

Posted by: এন ই নাও নিউজ April 25, 2018 8:14 pm
বঙাইগাঁও জিলাৰ যোগীঘোপাত ককাকে যৌন নিৰ্যাতন চলালে নাতিনীয়েকক : এজনক আটক

চৰকাৰ তথা প্ৰশাসনে কিশোৰী ধৰ্ষণকাৰীৰ প্ৰতি কঠোৰ আইন প্ৰণয়ন কৰাৰ পিছতো এই আইনেও যেন হ্ৰাস কৰিব পৰা নাই কিশোৰী ধৰ্ষণকাৰীৰ সংখ্যা। এই কথাকে প্ৰমাণ কৰি আজি এগাৰীক কিশোৰী তথা নাতিনীয়েক ককাকৰ বলি হোৱাৰ কথা পোহৰলৈ আহিছে।

প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলাৰ যোগীঘোপাত এগৰাকী কিশোৰী তথা নাতিনীয়েকক আজি বহু দিন ধৰি ককাকে যৌন নিৰ্যাতন চলাই আহিছিল।

কামৰূপ জিলাৰ নগৰবেৰাৰ ছবুৰুদ্দিন নামৰ এটা লম্পট তথা নৰাধমে বঙাইগাঁও জিলাৰ যৌগীঘোপাৰ পৰা প্ৰায় ৩ মাহৰ পূৰ্বে নাতিনীয়েকক নিজা ঘৰতে ৰাখিছিল। পিছত কাককে চলাই আহিছিল নিজৰে নাতিনীয়েকক যৌন নিৰ্যাতন।

আজি (বুধাবাৰ) কিশোৰী গৰাকী নিজ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকৰ আগত ককাকৰ কু-কৰ্মৰ বিষয়ে অৱগত কৰে। ফলত পৰিয়ালৰ লোকে যোগীঘোপা আৰক্ষী চকীত ককাক তথা ছবুৰুদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে এই এজাহাৰ ভিত্তিত ছবুৰুদ্দিনক আটক কৰে বুলি জানিব পৰা গৈছে।