NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ধুমুহাত গছ ভাগি পৰি এজন কিশোৰ গুৰুতৰভাৱে আহত

Posted by: এন ই নাও নিউজ April 25, 2018 8:39 pm
নগাঁৱত ধুমুহাত গছ ভাগি পৰি এজন কিশোৰ গুৰুতৰভাৱে আহত

ৰাজ্যখনৰ বিভিন্ন ঠাইত দুপৰীয়া আৰু বিয়লি অহা এজাক প্ৰচণ্ড ধুমুহাৰ ফলত বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে নগাঁও জিলাত বিয়লি অহা প্ৰচণ্ড ধুমুহাৰ ফলত এটি কিশোৰ গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে জিলাখনত প্ৰচণ্ড ধুমুহা আহোতেই চাইকেলেৰে ততাতৈয়াকৈ ঘৰমুখী হোৱা কিশোৰজন হাতীচোং কদমপুখুৰী ওচৰ পাওঁতেই ধুমুহাৰ ফলত এজোপা গছ ভাগি পৰাত কিশোৰজনে শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰভাৱে আঘাত পায়।

ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে তাৎক্ষণিকভাৱে কিশোৰজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। কিশোৰজনৰ বৰ্তমান অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে।

প্ৰচণ্ড ধুমুহাত গুৰুতৰভাৱে অাহত কিশোৰজনক দলংঘাট শান্তিপুৰ গাঁৱৰ প্ৰশান্ত বৰদলৈৰ পুত্ৰ জিতুমণি বৰদলৈ(১৬) বুলি চিনাক্ত কৰা হৈছে।