NORTHEAST NOW (Assamese)
অসম

শিশু শ্ৰমৰ বিৰুদ্ধে ডিব্ৰুগড় প্ৰশাসনৰ কঠোৰ পদক্ষেপ, চৌকিডিঙিত ৯ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ

Posted by: অভিক চক্ৰৱৰ্তী April 25, 2018 8:42 pm
শিশু শ্ৰমৰ বিৰুদ্ধে ডিব্ৰুগড় প্ৰশাসনৰ কঠোৰ পদক্ষেপ, চৌকিডিঙিত ৯ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ

ডিব্ৰুগড় জিলা প্ৰশাসনে আজি এক অভিযান চলাই নগৰখনৰ উদয়পুৰৰ চৌকিডিঙি অঞ্চলৰ পৰা আজি এটি ৯ বছৰীয়া শিশু শ্ৰমিক উদ্ধাৰ কৰে।

এই সংক্ৰান্তত দ্বীপজ্যোতি গোহাঁই নামৰ এজন লোকক আটক কৰা হৈছে। লোকজনে উক্ত শিশুটিক নিজৰ ঘৰত বনকৰা ল’ৰা হিচাপে ৰাখিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ঘটনাটো সম্পৰ্কত মিলন নগৰ আৰক্ষী চকীত এক গোচৰ ৰুজো কৰা হৈছে।

উল্লেখযোগ্য যে যোৱা কিছু দিনত জিলা প্ৰশাসনে চলোৱা অভিযানত ডিব্ৰুগড় নগৰৰ বিভিন্ন স্থানৰ পৰা ৪ টি শিশু শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

জিলাখনত চলি থকা শিশু শ্ৰম বন্ধ কৰিবলৈ পৰৱৰ্তী সময়ত আৰু অধিক কঠোৰ অভিযান চলোৱা হ’ব বুলি ডিব্ৰুগড়ৰ উপায়ুক্ত লয়া মাদুৰিয়ে জানিবলৈ দিয়ে। বিষয়টো মোকাবিলা কৰাৰ উদ্দেশ্যে প্ৰশাসনে অঞ্চলটোৰ নেত্ৰী স্থানীয় লোক, অংগনৱাড়ী কৰ্মী, সমাজকৰ্মী, স্বেচ্ছাসেৱী সংগঠন, গাঁওৰক্ষী বাহিনী, গাঁওবুঢ়া তথা স্থানীয় লোক আৰু আৰক্ষীকলৈ এক এক টাষ্ক ফ’ৰ্চ গঠন কৰিছে।

ইয়াৰ উপৰি জিলা প্ৰশাসনে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট, আলোচনা সভা তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰি আহিছে।

তথ্য অনুসৰি ২০১২ চনৰ পৰা ডিব্ৰুগড়ত শিশু কল্যাণ সংস্থাই শিশু শ্ৰম সম্পৰ্কীয় ১৭২ টা গোচৰ সৈতে মোকাবিলা কৰিছে।