NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ হাতত বিজেপিৰ পাৰিষদ; চাকমা স্বায়ত্তশাসিত পৰিষদত নাটকীয় মোৰ

Posted by: সংযুৱালা মাৰ April 25, 2018 9:10 pm
Congress-BJP in mizoram

মিজোৰাম ( Mizoram )ৰ চাকমা স্বায়ত্তশাসিত পৰিষদ গঠনত নাটকীয় মোৰ। শেহতীয়া নিৰ্বাচনত কোনো দলেই একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ পিছত পৰিষদ গঠনৰ বাবে কংগ্ৰেছৰে হাত মিলালে বিজেপিৰ হৈ নিৰ্বাচিত ৫ গৰাকী পাৰিষদে।

BJP councillors mizoram
কংগ্ৰ্ছৰ হাতত ধৰা বিজেপিৰ পাৰিষদকেইজন

নিৰ্বাচনটোত এম এন এফে ৮, কংগ্ৰেছে ৬ আৰু বিজেপিয়ে ৫ খন আসন দখল কৰাৰ পিছত বিজেপি আৰু কেন্দ্ৰৰ এন ডি এ’ চৰকাৰৰ মিত্ৰদল এম এন এফে পৰৱৰ্তী পৰিষদ দখল কৰিব বুলি এম এন এফৰ নেতা জ’ৰামথাংগাই ঘোষণা কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি, সম্পাদক ক্ৰমে অমিত শ্বাহ আৰু ৰামলালে টুইট কৰিছিল।

মিজোৰাম বিজেপিৰ সম্পাদক গেৰি টি হাওকিপে নৰ্থ ইষ্ট নাওক জনায় ‘আমি আচৰিত হৈছো, আমাৰ চংতেৰ পাৰিষদসকলৰ সৈতে যোগাযোগ কৰা বাবে আমি চেষ্টা কৰিছো, কিন্তু কোনো লাভ হোৱা নাই। এম এন এফৰ সৈতে বিজেপিয়ে পৰিষদ গঠন কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।’

চংতেৰ সূত্ৰ অনুসৰি চতাপানছুৰি সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি পাৰিষদ শান্তি জীৱন চাকমা পৰিষদৰ পৰৱৰ্তী মুখ্য কাৰ্য্যবাহী সদস্য হ’ব বুলি জানিব পৰা গৈছে।

মিজোৰাম প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ যদিন্তলুৱাংগাই কয় ‘চাকমা স্বায়ত্তশাসিত জিলা পৰিষদৰ জনসাধাৰণৰ মংগলৰ বাবেই এই মিত্ৰতা কৰা হৈছে।’