NORTHEAST NOW (Assamese)
অসম

সাজু হওক, আগত লানি নিছিগা বেংক ধৰ্মঘট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2019 7:55 pm
Be ready, All India Bank strike ahead

অত্যাৱশ্যকীয় বেংক সেৱাৰ ক্ষেত্ৰত বিপদত নপৰাৰ বাবে আগতীয়াকৈ সাজু হওক।

চাৰিটাকৈ বেংক বিষয়া ইউনিয়নে কেন্দ্ৰৰ শেহতীয়া সিদ্ধান্তৰ প্ৰতিবাদত অহা ২৬ আৰু ২৭ ছেপ্তেম্বৰত সৰ্বভাৰতীয় বেংক ধৰ্মঘট আহ্বান কৰিছে, বাতৰিত প্ৰকাশ।

২৮ আৰু ২৯ ছেপ্তেম্বৰ শনি আৰু দেওবাৰ। গতিকে, একে লেথাৰিয়ে চাৰিদিনকৈ বেংক সেৱা বন্ধ থাকিলে সৃষ্টি হ’ব পৰা অসুবিধাৰ বাবে সাজু থাকক।

কেন্দ্ৰই ১০টা ৰাজহুৱা খণ্ডৰ বেংক একত্ৰীকৰণেৰে ৪টা কৰাৰ বিৰোধিতা কৰিছে বেংক বিষয়া ইউনিয়নকেইটাই।

ইউনিয়নকেইটাই আনকি নৱেম্বৰৰ দ্বিতীয় সপ্তাহত অনিৰ্দিষ্টকালীন ধৰ্মঘটৰো সকীয়নি দিছে।

গ্ৰাহক সেৱা মাচুল হ্ৰাস, মজুৰি পুনৰ মূল্যায়নকে ধৰি তেওঁলোকে নটা দাবী উত্থাপন কৰিছে।

“চৰকাৰে লোৱা ৰাজহুৱা খণ্ডৰ বেংক একত্ৰীকৰণৰ সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা আৰু প্ৰতিবাদ কৰিছো। দুখন বেলেন্স শ্বীট লগ লগাই দিয়াৰ ফলস্বৰূপে পোৱা বেলেন্স শ্বীটখন শক্তিশালী হৈ নাযায়,” ইউনিয়নকেইটাৰ ধৰ্মঘটৰ জাননীৰ উদ্ধৃতি।

ইউনিয়নকেইটা হৈছে– All India Bank Officers’ Confederation, All India Bank officers’ Association, Indian National Bank Officers’ Congress and National Organization of Bank Officers।

তাৎপৰ্য্যপূৰ্ণভাৱে বিষয়া ইউনিয়নকেইটাই পূৰ্বৰ দৰে ইউনাইটেদ ফ’ৰাম অৱ বেংকছ ইউনিয়নছৰ মঞ্চৰ পৰা এই ধৰ্মঘট আহ্বান কৰা নাই।

বিষয়টো সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে ভাৰতৰ বেংক কৰ্মচাৰীসকলৰ সৰ্ববৃহৎ সংগঠন অল ইণ্ডিয়া বেংক এমল্পয়িজ এচচিয়েচনো শীঘ্ৰেই আলোচনাত মিলিত হোৱাৰ কথা।