NORTHEAST NOW (Assamese)
অসম

সুখৱৰ : বিশ্ববিখ্যাত Gatorade India ব্ৰেণ্ডৰ সৈতে চুক্তিবদ্ধ হ’ল হিমা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 12, 2019 7:44 pm
Hiam Das

এটাৰ পিছত আনটো সন্মানেৰে সন্মানিত হৈ অহা স্প্ৰীণ্টাৰ তথা অসম কন্যা হিমা দাস এইবাৰ চুক্তিবদ্ধ হ’ল গেট’ৰেড ইণ্ডিয়া (Gatorade India)ৰ সৈতে।

১২ ছেপ্তেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে গেট’ৰেড ইণ্ডিয়াই দৌৰ ৰাণী হিমাক ব্ৰেণ্ড এম্বেছেদৰ হিচাপে চুক্তিবদ্ধ কৰে।

বিশ্ব বিজয়ী শ্বাটলাৰ পি ভি সিন্ধু আৰু এথলীট নীৰজ চোপ্ৰাৰ পিছতে এই কম্পেনিৰ সৈতে চুক্তিবদ্ধ হোৱা তৃতীয় গৰাকী খেলুৱৈ হিচাপে পৰিগণিত হ’ল হিমা।

‘গেট’ৰেড পৰিয়ালৰ সৈতে জড়িত হ’বলৈ পাই মই সুখী’। জাকাৰ্টা এছিয়ান গেইমছত মহিলাৰ ৪x৪০০ মিটাৰ ৰীলে আৰু ৪x৪০০ মিটাৰ মিক্সড ৰেলীত স্বৰ্ণ পদক বিজয়ী হিমাৰ মন্তব্য।

ব্ৰেণ্ডটোৱে ‘Nothing beats Hima, Nothing beats Gatorade’ শীৰ্ষক এক শ্ল’গানেৰে স্প্ৰীণ্টাৰ গৰাকীৰ সাফল্যক সন্মান জনায়।

হাইড্ৰেশ্যন এণ্ড কোলা, পেপচিক’ ইণ্ডিয়াৰ মাৰ্কেটিং ডিৰেক্টৰ তৰুণ ভগতে কয়, ‘গেট’ৰেডৰ এথলিট পৰিয়াললৈ হিমা দাসক স্বাগতম জনাবলৈ পাই অত্যন্ত সুখী হৈছো’।

উল্লেখ্য যে যোৱা বছৰ ফিনলেণ্ডত অনুষ্ঠিত হোৱা ২০ অনূৰ্ধ্বৰ বিশ্ব চেম্পিয়নশ্বিপত ৪০০ মিটাৰ দৌৰত স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতেই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল হিমা দাস।