NORTHEAST NOW (Assamese)
অসম

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত দিল্লীৰ ৰামলীলা ময়দানত কাৰ্বি আংলং-উত্তৰ কাছাৰৰ দল-সংগঠনৰ প্ৰতিবাদ

Posted by: এন ই নাও নিউজ December 20, 2017 7:18 am

অসমৰ দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ বহু দল-সংগঠনে স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত মঙলবাৰে দিল্লীৰ ৰামলীলা ময়দানত প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্বি আংলং-নৰ্থ কাছাৰ হিলছ অট’নমাছ ষ্টেট ডিমাণ্ড কমিটী, কাৰ্বী ছাত্ৰ সন্থা, জাকাছকে ধৰি কেইবাটাও সংগঠনৰ শতাধিক লোকে সংসদৰ শীত কালীন অধিৱেশনৰ সময়তে এই ঐক্যবদ্ধ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে।

মন কৰিবলগীয়া যে প্ৰতিবাদকাৰী সংগঠন কেইটাই কয় যে স্বায়ত্তশাসিত ৰাজ্য হৈ আমি অসমৰ অংগ হৈ থাকিম কিন্তু যদিহে স্বায়ত্ত ৰাজ্য নাপাও তেন্তে আমি নাগালেণ্ডৰ লগত চামিল হোৱাৰ কথা চিন্তা চৰ্চা কৰিবলৈ বাধ্য হ’ম।

আনহাতে অট’নমাছ ষ্টেট ডিমাণ্ড কমিটীৰ সভাপতি অজিত টিমুঙে কয়- দীৰ্ঘদিন ধৰি আমি দুয়োখন জিলাই সংবিধানৰ ২৪৪(ক) অনুচ্ছেদ অনুসৰি স্বায়ত্বশাসিত ৰাজ্য দাবী কৰি আহিছো। আমাৰ এই ন্যায্য দাবী কেন্দ্ৰই মানি ল’বলৈ বাধ্য।